নিউজ ডেস্কঃ দেশত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে কোৰোনাৰ সংক্ৰমণ। ৰাজ্যত যোৱা ২৪ ঘন্টাত নতুনকৈ ৩৯৬২জন লোক আক্ৰান্ত হৈছে কোভিড-১৯ত। ইয়াৰ পাছতে দেশত এতিয়াও কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যা ২২৪১৬জনলৈ বৃদ্ধি পাছইে।

স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘন্টাত সুস্থ হৈছে ২৬৯৭জন লোক। এই সংখ্যালৈ চালেই বুজিব পাৰি যে প্ৰতিদিনাই নতুনকৈ কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা সুস্থ হোৱা লোকৰ তুলনাত বহু বেছি।

ইফালে, ভাৰতত যোৱা ২৪ ঘন্টাত মুঠ ৪৪৫৮১৪জন লোকৰ কোভিড টেষ্ট কৰা হৈছে। আৰু ইয়াৰে ভিতৰতে ৩৯৬২জনৰ দেহত ধৰা পৰিছে কোৰোনাৰ উপস্থিতি।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply