গুৱাহাটী : কামৰূপ মহানগৰ জিলাৰ সোণাপুৰ ৰাজহ চক্ৰৰ অধীনৰ সকলো গাঁৱৰ প্ৰতিজন লোকৰ ক’ভিড পৰীক্ষাৰ নিৰ্দেশ দিছে কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে৷ উল্লেখ্য যে, সোণাপুৰৰ ওলনী গাঁৱত ৩০ মে’ তাৰিখে ১৬৩ জনক কৰা ক’ভিড পৰীক্ষাত ১৭ জনকৈ লোকৰ সংক্ৰমণ পৰিলক্ষিত হোৱাৰ বাবে গাওঁখনক কন্টেইনমেন্ট জ’ন ঘোষণা কৰাৰ সিদ্ধান্ত লৈছে উপায়ুক্ত গৰাকীয়ে৷

অঞ্চলটোত সংক্ৰমণৰ হাৰ এতিয়াও অধিক হৈ থকাত ৰাজহ চক্ৰটোৰ অধীনৰ ১৫০ খন গাঁৱৰ প্ৰতিজন লোকৰ ক’ভিড পৰীক্ষাৰ কঠোৰ নিৰ্দেশ দিয়ে উপায়ুক্ত গৰাকীয়ে৷ অঞ্চলটোৰ জটিল ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত গাঁও পঞ্চায়ত সদস্য আৰু সচিব সকলৰ সৈতে আহ্বান কৰা এখন জৰুৰী বৈঠকত এই নিৰ্দেশ দিয়া হয়৷ লগতে আক্ৰান্ত ৰোগীক কোনো কাৰণতে যাতে হোম আইচ’লেশ্যনত থাকিবলৈ দিয়া নহয় তাৰ বাবে কঠোৰ নিৰ্দেশ দিয়ে উপায়ুক্তই৷ বিশেষকৈ আক্ৰান্ত চাহ শ্ৰমিকসকলৰ চিকিৎসালয় বা ক’ভিড কেয়াৰ চেণ্টাৰত ভৰ্তি কৰা বাধ্যতোমূলক কৰাৰ নিৰ্দেশ দিয়া হৈছে৷

আৰু পঢ়কঃ এছিয়ান বক্সিং চেম্পিয়নশ্বিপ : ৰূপৰ পদকত থমকি ৰ’ল অসমৰ শিৱ থাপা

আক্ৰান্তসকলক চিকিৎসালয়লৈ অনাৰ সুবিধাৰ বাবে জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা অতিৰিক্ত ৩ খন ১০৮ এম্বুলেঞ্চ দিয়া হ’ব৷ ঘৰে ঘৰে গৈ স্বাস্থ্য পৰীক্ষা কৰিব পৰাকৈ আশা কৰ্মীসকলক পালছ্ অক্সিমিটাৰ আৰু থাৰ্মেল স্কেনাৰ যোগান ধৰাৰো নিৰ্দেশ দিয়ে উপায়ুক্ত গৰাকীয়ে৷ ইতিমধ্যে অঞ্চলটোৰ প্ৰত্যেক গাঁও পঞ্চায়তত নিৰ্দিষ্ট ফোন নম্বৰসহ একোটাকৈ ৱাৰ ৰূম স্থাপন কৰা হৈছে যাতে গাঁৱৰ ৰাইজে যিকোনো তথ্য তৎকালে জনাব পাৰে৷ তদুপৰি সোণাপুৰৰ ক’ভিড পৰিস্থিতি নিৰন্তৰ পৰ্যৱেক্ষণৰ বাবে চক্ৰ বিষয়া, থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, জিলা পৰিষদৰ সদস্য, গাওঁবুঢ়া আৰু খণ্ড পৰ্যায়ৰ স্বাস্থ্য কৰ্মীসকলকলৈ চক্ৰ বিষয়া পৰ্যায়ৰ এটা টাস্ক ফ’ৰ্চো গঠন কৰা হৈছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,277 other subscribers

Leave a comment

Leave a Reply