গুৱাহাটী : অসম অলিম্পিক সন্থাৰ উদ্যোগত তথা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ সহযোগত গুৱাহাটীৰ দেশভক্ত তৰুণ ৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত দেওবাৰৰ পৰা দ্বিতীয় পৰ্য্যায়ৰ বিনামুলীয়া ক’ভিড প্ৰতিষেধকৰ টীকাকৰণ কাৰ্যসূচী আৰম্ভ হৈছে। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত আৰু অসম অলিম্পিক সন্থাৰ সভাপতি তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ তত্বাবধানত অনুষ্ঠিত এই টীকাকৰণ কাৰ্যসূচীৰ প্ৰথম দিনা ৩৩০ জন ব্যক্তিক ভেকচিনৰ দ্বিতীয় ডোজ দিয়া হয়।

অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে এই টীকাকৰণ কাৰ্যসূচীৰ সন্দৰ্ভত কয় ‘’অসম অলিম্পিক সন্থাই ২২ আৰু ২৩ এপ্ৰিলত প্ৰথম পৰ্য্যায়ৰ টীকাকৰণ কাৰ্যসূচী গ্ৰহণ কৰিছিল। প্ৰথম পৰ্য্যায়ত ৭৭৯ জন ব্যক্তিক ভেকচিনৰ প্ৰথম ডোজ দিয়া হৈছিল। দ্বিতীয় ডোজ গ্ৰহণ কৰাৰ বাবে সুবিধা হোৱাকৈ আমি আজিৰ পৰা তিনিদিনীয়াকৈ এই কাৰ্যসূচী হাতত লৈছোঁ।” এই কাৰ্যসূচীত সহযোগিতা আগবঢ়োৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু অসম অলিম্পিক সন্থাৰ সভাপতি তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কৃতজ্ঞতা জনায় কোঁৱৰে।

লগতে পঢ়ক : টীয়কত এটা লিচুৱে প্ৰাণ ল’লে ১৬ বছৰীয়া যুৱতীৰ

অসম অলিম্পিক সন্থাৰ সদস্য সকলৰ সহযোগিতাত এই টীকাকৰণ কাৰ্যসূচীৰ তদাৰক কৰে সন্থাৰ মেডিকেল কমিটিৰ আহ্বায়ক ড০ কবিতা মজুমদাৰে। উল্লেখ্য, ক’ভিড প্ৰতিষেধকৰ এই ভেকচিন কাৰ্যসূচীটো ১ জুনত অন্ত পৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,283 other subscribers

Leave a comment

Leave a Reply