কোকৰাঝাৰ : কোকৰাঝাৰ আৰক্ষীৰ গুলীত আহত গৰু চিণ্ডিকেট চক্ৰৰ নায়ক শ্বাহজালাল শ্বেখ। আৰক্ষীক উদ্দেশ্যি গুলী চালনা কৰি পলায়ন কৰাৰ চেষ্টা চলাইছিল শ্বাহজালাল শ্বেখ। বর্তমান চিকিৎসাৰ বাবে গৰু চিণ্ডিকেটৰ নায়কজনক বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

সোমবাৰে বৰপেটা জিলা আৰক্ষীয়ে গৰু চিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে অভিযান চলাই এক বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ অভিযান আটক হয় গৰু চিণ্ডিকেট চক্ৰৰ মূল নায়ক শ্বাহজালাল শ্বেখ। কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰৰ নেতৃত্বত গৰু চিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে চলিছিল অভিযান।

এক গোপন খবৰৰ ভিত্তিত আৰক্ষীৰ দলটোৱে কোকৰাঝাৰ জিলাৰ অন্তৰ্গত শিমুলটাপুত গৰু চিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে অভিযান চলাবলৈ যাওঁতে চিণ্ডিকেট চক্ৰৰ মূল নায়ক শ্বাহজালাল শ্বেখে আৰক্ষীক উদ্দেশ্যি গুলী চালনা কৰি পলায়ন কৰাৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে শ্বাহজালাল শ্বেখৰ ওপৰত গুলী চালনা কৰে। আৰক্ষীৰ গুলী শ্বাহজালাল শ্বেখৰ ভৰিত লাগে আৰু আৰক্ষীয়ে শ্বাহজালাল শ্বেখক আটক কৰে।

আৰু পঢ়কঃ খুমটাইত আৰ্তজনক সহায় আগবঢ়াই অনুজ কুৰ্মীয়ে দেখুৱাইছে মানৱীয়তাৰ নিদৰ্শন

আহত গৰু চিণ্ডিকেট চক্ৰৰ নায়ক শ্বাহজালাল শ্বেখক চিকিৎসাৰ বাবে কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গৰু চিণ্ডিকেট চক্ৰৰ নায়কজনক বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰা হয়।চিণ্ডিকেট চক্ৰৰ লগত জড়িত থকাৰ অভিযোগত পূৰ্বেও শ্বাহজালাল শ্বেখ জেললৈ গৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,275 other subscribers

Leave a comment

Leave a Reply