গুৱাহাটী : মহানগৰী গুৱাহাটীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ভিনিয়েকৰ মৃতদেহ ব্ৰহ্মপুত্ৰ নদীত পেলাবলৈ আহিল খুলখালীয়েক। মৃতদেহ নদীত পেলাবলৈ চেষ্টা চলাই থকা অৱস্থাত আটক হ’ল খুলখালী। শৰাইঘাট দলংৰ পৰা ব্ৰহ্মপুত্ৰত নদীত দলীয়াই দিয়া চেষ্টা চলাইছিল।

ৰাজ্যজুৰি সান্ধ্য আইন চলি থকাৰ মাজতে মহানগৰী গুৱাহাটীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ভাৰতীয় ৰে’ল বিভাগৰ কৰ্মচাৰী সন্তোস প্ৰসাদ নামৰ এজন লোকৰ মৃতদেহ শৰাইঘাট দলংৰ পৰা নদীত পেলাই দিয়াৰ চেষ্টা চলাই আৰক্ষীৰ হাতত আটক হ’ল মৃত সন্তোস প্ৰসাদৰ খুলখালীয়েক মোহন গিৰি।

মালিগাওঁ ৰেলৱে কলনিৰ বাসিন্দা আছিল সন্তোস প্ৰসাদ। অভিযুক্ত মোহন গিৰিক লগত লৈ মহানগৰা আৰক্ষীয়ে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে। হত্যা কৰি ব্ৰহ্মপুত্ৰ নদীত মৃতদেহ পেলাই দিয়াৰ চেষ্টা চলাইছিল মোহন গিৰি। হত্যাকাণ্ডৰ লগত কেইবাজনো লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

এ এছ-০১-ডিএক্স-৫৮২২ নম্বৰৰ দুচকীয়া বাহনত হত্যা কৰি বস্তাৰে বান্ধি বাকচত ভৰাই আনিছিল মৃতদেহ। চাৰিজনীয়া এটা দলে জালুকবাৰীত সদিলাপুৰত হত্যাকাণ্ড সংঘটিত কৰিছিল বুলি জানিব পৰা গৈছে। মৃতদেহ পেলাই থকা অৱস্থাত প্ৰত্যক্ষ কৰি কামৰূপ জিলা আৰক্ষী এটা দলে খেদি খেদি কৰায়ত্ব কৰে মৃতদেহ কঢ়িয়াই অনা দুচকীয়া বাহনসহ এজনক।

লগতে পঢ়ক : অসমত আকৌ ৫৬৯৯জন কোৰোনাত আক্ৰান্ত

বৰ্তমান জালুকবাৰী আৰক্ষীৰ জিম্মাত আছে আটকাধীন আমিনগাঁৱৰ মোহন গিৰি নামৰ লোকজন। ঘটনাৰ লগত জড়িত কেইবাজনো লোক বৰ্তমান পলাতক অৱস্থাত আছে। ডিঙি ৰেপি, পেটত হানি হত্যা কৰিছে লোকজনক। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব ঘটনাৰ আঁৰৰ প্ৰকৃত ৰহস্য।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,277 other subscribers

Leave a comment

Leave a Reply