পৰিত্যক্ত অৱস্থাত পৰি থকা স্কুটাৰবোৰ

ৰাজ্যৰ শিক্ষা বিভাগে ২০২০ বৰ্ষত উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীৰ বাবে আৱণ্টিত ডেৰ শতাধিক ৰঙা স্কুটী এতিয়া পৰিত্যক্ত অৱস্থাৰ পেলাই ৰাখিছে ।

মালিগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত বহুদিন ধৰি পৰিত্যক্ত অৱস্থাত আছে এই স্কুটীসমূহ।


ৰ’দ-বৰষুণে দিনে নিশাই মুকলি ভাবে পেলাই ৰখা স্কুটাৰ সমূহ এতিয়া উৱলি যোৱাৰ উপক্ৰম হৈছে।

হাবি-জংঘলৰ মাজত অতি বেয়া অৱস্থাত ৰখা হৈছে এই স্কুটাৰসমূহ।

স্কুটাৰ বোৰ ভালকৈ ৰখাৰ বাবেও বিভাগীয় কৰ্তৃপক্ষই কোনো তৎপৰতা প্ৰদৰ্শন নকৰিলে। নতুন শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে এই স্কুটাৰ সমূহ এনেদৰেই পেলাই ৰাখিবনে অথবা পাপ্যজনক গটাই দিব সেইটোহে অনাগত দিনত চাবলগীয়া হ’ব ।

আৰু পঢ়ক http://২বছৰীয়া সন্তানৰ সৈতে টেক্সিৰ ভিতৰতেই দুদিন কটাবলগীয়া হ’ল কৰোনাক্ৰান্ত মহিলা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,278 other subscribers

Leave a comment

Leave a Reply