নিউজ ডেস্কঃ পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি এলন মাস্কে ২০১১চনত কৈছিল যে- তেওঁ আগন্তুক ১০ বছৰত মংগল গ্ৰহলৈ মানুহক লৈ যাব। এতিয়া প্ৰায় এটা দশক সম্পূৰ্ণ হোৱাৰ পাছত ইন্টাৰনেটত বহুতে প্ৰশ্ন কৰিছে যে- আপুনি (এলন মাস্ক) দিয়া প্ৰতিশ্ৰুতি কি হ’ল?

এলন মাস্কে বাৰম্বাৰ কৈছিল যে- তেওঁ বিচাৰে যাতে মানুহ এটা গ্ৰহতকৈ অধিক গ্ৰহত বাস কৰে। সেয়েহে তেওঁ মংগল গ্ৰহতো মানৱ বস্তি নিৰ্মাণ কৰিব বিচাৰে। লগতে এলন মাস্কৰ স্পেচক্ৰাফ্ট ইঞ্জিনিয়াৰিং কোম্পানী স্পেচ-এক্সে এনেকুৱা ৰকেট নিৰ্মাণ কৰি আছে যাৰ দ্বাৰা মানুহক মংগল গ্ৰহ আৰু তাতকৈও অধিক দূৰলৈ লৈ যাব পৰা যাব।

উল্লেখ্য যে, ২০১১চনত ৱাল ষ্ট্ৰীট জৰ্ণেল (Wall Street Journal)ত এক সাক্ষাৎকাৰত এলন মাস্কে কৈছিল যে- ”যদি সকলো ঠিকে থাকে, তেন্তে আগন্তুক ১০ বছৰত মানুহক মংগল গ্ৰহলৈ লৈ যোৱা হ’ব। আৰু যদি কিবা সমস্যাৰ সৃষ্টি হয় তেন্তে ১৫ৰ পৰা ২০ বছৰ সময় লাগিব।”

ইফালে, ১০ টা বছৰ পাৰ হোৱাৰ পাছত এতিয়া এই সাক্ষাৎকাৰৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অৱশ্যে একাংশই টুইট কৰি এই সন্দৰ্ভত লিখিছে যে- কোৰোনাৰ বাবে বহু কাম পিচুৱাই গৈছে। সেয়েহে এলন মাস্কক আমি সহায় কৰিবহে লাগে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,330 other subscribers

Leave a comment

Leave a Reply Cancel reply