গুৱাহাটী– অসমৰ বিশিষ্ট বাঁহীবাদক প্ৰভাত শৰ্মাৰ দেহাৱসান। মংগলবাৰে পুৱা ৬ বজাত গুৱাহাটীৰ অম্বিকাগিৰী নগৰৰ নিজা বাসভৱনত শ্বাস-প্ৰশ্বাস বন্ধ হৈ মৃত্যু হয় শিল্পী গৰাকীৰ। প্ৰভাত শৰ্মা আছিল একেধাৰে এগৰাকী ভাৰতীয় সংগীতজ্ঞ, বাঁহী বাদক আৰু লোকসংগীতৰ সাধক। প্ৰভাত শৰ্মা অসমৰ বিশিষ্ট সংগীত শিল্পী তৰালি শৰ্মাৰ পিতৃ। শিল্পীগৰাকীৰ মৃত্যুত অসমৰ মুখ্য়মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শোকপ্ৰকাশ কৰে।

মৃত্যুৰ সময়ত প্ৰভাত শৰ্মাৰ বয়স আছিল প্ৰায় ৮৬ বছৰ। বৰপেটাত জন্মগ্ৰহণ কৰা প্ৰভাত শৰ্মাই বৰপেটা চহৰৰ বিদ্যাপীঠত দশম শ্ৰেণীলৈ শিক্ষা গ্ৰহণ কৰে আৰু তাৰ পিছত তেওঁ সুন্দৰীদিয়া সত্ৰৰ গংগাধৰ দেৱ মিশ্ৰ আৰু সত্য কৃষ্ণ দেৱ মিশ্ৰৰ পৰা সত্ৰীয় সংগীতকে ধৰি বৰগীতৰ শিক্ষা গ্ৰহণ কৰে। ভাৰতীয় সংগীতৰ প্ৰতি ৰাপ থকা শৰ্মাই অসমৰ লোকসংগীতৰো শিক্ষা গ্ৰহণ ইয়াৰ চৰ্চা কৰিবলৈ আৰম্ভ কৰে। বিশিষ্ট সংগীত সাধক গৰাকীয়ে তেওঁ ১৯৬০ৰ দশকৰ পৰা ১৯৯০ৰ দশকৰ শেষচোৱালৈকে অসম চৰকাৰৰ তথ্য আৰু গণসংযোগ বিভাগত ষ্টাফ আৰ্টিষ্ট আছিল।

এই শিল্পী গৰাকীয়ে অসমৰ কেবাখনো চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰিছিল। তাৰ ভিতৰত ‘ব্লেকমানী’, ‘ব্লেকমানী’, ‘সন্তান’, ‘সন্ধ্যাৰাগ’, ‘সাৰথি’, ‘আপোনজন’, ‘মোহমুক্তি’, ‘অনল’,’কদমতলে কৃষ্ণ নাচে’, ‘শ্ৰীমন্ত শংকৰদেৱ’ ইত্যাদি ।

২০০১ চনত শিল্পী দিৱস বঁটা’ও লাভ কৰে প্ৰভাত শৰ্মাই।  ২০০৪ চনত তেওঁ ‘সংগীত নাটক একাডেমী বঁটা’ লাভ কৰিছিল।

প্ৰভাত শৰ্মাৰ মৃত্যুত শোকস্তব্ধ অসমবাসী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply