নিউজ ডেস্ক: হৰ্ছ ট্ৰেডিং হোৱা শংকাত ৰাজস্থান পালেগৈ এআইডিইউএফৰ ২২ গৰাকী সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থী । নিৰ্বাচনৰ ফলাফল প্ৰকাশ হোৱাৰ আগতেই দলীয় নেতৃত্বই বিশ্বস নকৰা এইসকল প্ৰাৰ্থীক এইদৰে হৰ্ছ ট্ৰেডিং হোৱাৰ ভয়তেই আতৰাই পঠিয়ালে ।


জয়পুৰত উপস্থিত হৈ এআইডিইউএফৰ ২২ গৰাকী প্ৰাৰ্থী বাহৰ পাতিছে হোটেল ফেয়াৰমাউন্টত ।
মহাজোঁটৰ অংশীদাৰ কংগ্ৰেছৰ অসমৰ তত্বাবধায়ক জীতেন্দ্ৰ সিঙৰ গৃহ ৰাজ্যত এই সকল প্ৰাৰ্থীক হৰ্ছ ট্ৰেডিঙৰ পৰা সুৰক্ষিত কৰি ৰাখিব বিচাৰিছে দলটোৱে । অশোক গেহলটৰ ৰাজস্থান চৰকাৰ হোৱাৰ পিছৰে পৰা পঞ্চমবাৰৰ বাবে এইদৰে হৰ্ছ ট্ৰেডিঙৰ পৰা ৰক্ষা কৰিবলৈ বিধায়কক নি হোটেলত বন্দী কৰি ৰখাৰ পৰম্পৰা চলাই আহিছে ।

এইবাৰ মাত্ৰ ব্যতিক্ৰম বিধায়ক নৌহওতেই এইদৰে নি হোটেলত বন্দী কৰিছে এআইইউডিএফে । মধ্যপ্ৰদেশ, মুম্বাই, ৰাজস্থানৰ লগতে ৰাজ্যসভাৰ নিৰ্বাচনৰ সময়ত এইদৰে ৰাজস্থানৰ বিলাসবহুল হোটেলত বাহৰ পাতিছিল বিধায়কসকলে । এআইইউডিএফৰ বিধায়কসকলক চোৱাচিতাৰ দায়িত্বত থকা মহেশ যোশী নামৰ বিধায়কজনে হোটেলত ১৮/১৯ জন মান ব্যক্তি আহিছে বুলি প্ৰকাশ কৰিছে ।

আজিৰ দিনত দৈনিক ১৪,১২২টকা দৰত এইসকল বিধায়ক নিৰ্বাচনত অংশ লোৱা প্ৰাৰ্থীক বিজেপিয়ে হৰ্ছ ট্ৰেডিং কৰাৰ শংকাত বন্দী কৰি থোৱা বিষয়টো লৈ বিশেষ একো কব খোজা নাই দলটোৱে । অহা দুটা দিনৰ ভিতৰত মহাজোঁটৰ বিগ ব্ৰাডাৰ কংগ্ৰেছ আৰু বিপিএফৰ সন্দেহযুক্ত প্ৰাৰ্থীসকলকো নি ৰাজস্থানত ২ মে’ত ঘোষণা হবলগীয়া ফলাফললৈকে ৰাখিব বুলি জানিব পৰা গৈছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,840 other subscribers

Leave a comment

Leave a Reply