ছয়গাঁও : সমাজৰ আৰ্থ সামাজিক উন্নয়নৰ লগতে মানুহৰ জীৱিকাৰ ক্ষেত্ৰত কাম কৰি অহা ছয়গাঁৱৰ গ্ৰামীণ চাহাৰাই মৎস্য পালনৰ জৰিয়তে স্বাৱলম্বী হ’ব বিচৰা লোকসকলৰ বাবে আৰম্ভ কৰিছে অন্য এক প্ৰকল্প। ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী মৎস সম্পদা যোজনাৰ অধীনত অসম চৰকাৰৰ মীন বিভাগৰ সহযোগত দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ পশ্চিম ধূলীত প্ৰায় ২৫ লাখ টকা ব্যয়েৰে আৰম্ভ কৰিছে আঁচনিখনৰ কাম। বায়োফ্লক একুৱা কালচাৰ পদ্ধতিৰে মৎস্য পালন কৰিবলৈ লোৱা এই আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত গ্ৰামীণ চাহাৰাই মীন বিভাগৰ পৰা ৪০% ৰাজসায্য লাভ কৰিছে।

এই পদ্ধতিত কাৱৈ, শিঙি, ৰূপচন্দা, কচ মাছ পালনৰ লগত পৰীক্ষামূলকভাৱে চেনিপুঠি, গ্ৰাছকাপ আৰু স্থানীয় গৰৈ মাছ আৰু শোল মাছো প্ৰতিপালন কৰিছে। এই পদ্ধতিত পালন কৰা মাছসমূহ প্ৰায় তিনিমাহতে বিক্ৰীৰ উপযোগী হয় আৰু বজাৰৰ অভাৱ নাই বুলিও গ্ৰামীণ চাহাৰাৰ মুখ্য কাৰ্যবাহী বিষয়া শৰৎ চন্দ্ৰ দাসে জানিবলৈ দিয়ে। আঁচনিখনৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে জানিবলৈ দি গ্ৰামীণ ছাহাৰাৰ মুখ্য কাৰ্যবাহী বিষয়া গৰাকীয়ে কয় যে অঞ্চলটোৰ লোকসকল মৎস্য পালনৰ ক্ষেত্ৰত উৎসাহিত তথা স্বাৱলম্বী কৰাই তেওঁলোকৰ প্ৰধান উদ্দেশ্য।

এই পদ্ধতি মাটিৰ অভাৱত মীন পালন কৰিব নোৱাৰা খেতিয়ক সকলৰ বাবে আত্যন্ত সুবিধাজনক। গ্ৰামীণ চাহাৰাই ২৫ টা পকী টেংকেৰে মৎস্য পালন কৰিবলৈ আৰম্ভ কৰিছে যদিও আগ্ৰহী মীনপালক সকলে ২ টা নাইবা ৪ টা টেংকেৰেও মাছ পালন কৰিব পাৰে। উল্লেখযোগ্য যে বায়োফ্লক একুৱা কালচাৰ পদ্ধতিৰে মীনপালন বাবে আগ্ৰহী লোকসকলৰ বাবে গ্ৰামীণ চাহাৰাই পশ্চিম ধূলীৰ প্ৰকল্পস্থলীত বিশেষ প্ৰশিক্ষণো আৰম্ভ কৰিছে।

লগতে পঢ়ক : বেদখলকাৰীৰ কৱলত চৰাইদেউৰ ঐতিহাসিক দেওশাল আৰু লাংকুৰী দৌলৰ মাটি

ইয়াত প্ৰশিক্ষণ প্ৰাপ্ত লোকসকলক আঁচনি প্ৰস্তুতৰ পৰা মৎস্য পালনৰ সকলো দিশতে সহায় সহযোগিতা কৰিব বুলিও মুখ্য কাৰ্যবাহী বিষয়া গৰাকীয়ে জানিবলৈ দিছে। উল্লেখযোগ্য যে বায়োফ্লক একুৱা কালচাৰ চিষ্টেমৰ জৰিয়তে সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিত মীন পালন কৰা ছয়গাঁৱৰ গ্ৰামীণ চাহাৰাই হৈছে কামৰূপ জিলাৰ ভিতৰত প্ৰথম৷ ছয়গাঁৱৰ এই বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ এই প্ৰচেষ্টা অব্যাহত থাকক লগতে আন দহটা স্বেচ্ছাসেৱী অনুষ্ঠানৰ বাবে হওক এক আদৰ্শ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply