যোৰহাট : অসম নগালেণ্ড সীমান্ত নিউ সােণােৱাল বি অ’ পি ৰ অধীনৰ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগালেণ্ডৰ বেদখল আৰু সেই সন্দৰ্ভত সংঘটিত গুলীচালনাৰ ঘটনাৰ তদন্ত কৰিবলৈ বিশেষ আৰক্ষী সঞ্চালক প্রধান জি পি সিং ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষী সঞ্চালক প্রধান গৰাকী ২ কিলোমিটাৰ পাহাৰ বগাই গৈ ঘটনাস্থলীত উপস্থিত হৈ চৰজমিণ তদন্ত কৰাৰ লগতে নগালেণ্ডৰ শীৰ্ষ আৰক্ষী বিষয়া সকলৰ লগত আলােচনাত মিলিত হয়।

উল্লেখযােগ্য যে, যােৱা ২৭ মে’ তাৰিখে মৰিয়নীৰ বিধায়ক ৰুপজ্যোতি কুৰ্মী, আৰক্ষী আৰু এটা সাংবাদিকৰ দল নগালেণ্ডৰ লােকে দিচৈ ভেলী বনাঞ্চলত বেদখল কৰা বিষয়ে অবগত হৈ উক্ত বনাঞ্চলত উপস্থিত হৈছিল। সেই সময়ত কোনাে অচিনাক্ত দুস্কৃতিকাৰীয়ে দলটোলৈ গুলী বর্ষণ কৰিছিল। আইন শৃংখলাৰ বিশেষ আৰক্ষী সঞ্চালক প্রধান জি পি সিং নগালেণ্ড সীমান্ত শাখাৰ আই জি পি, মােককচাঙৰ আৰক্ষী অধীক্ষক আদিৰ লগত উক্ত ঠাইত আলোচনা কৰি কিছু পৰামৰ্শ আগবঢ়ায়।

আনহাতে তদন্তৰ সময়ত যোৰহাট জিলা উপায়ুক্ত অশােক কুমাৰ বৰ্মন, পূব মণ্ডলৰ ডি আই জি শিৱ প্রসাদ গাঞ্জাৱালা, আৰক্ষী অধীক্ষক অংকুৰ জৈন, অতিৰিক্ত উপাযুক্ত দামোদৰ বৰ্মন, তিতাবৰৰ মহকুমাধিপতি, মহকুমা আৰক্ষী বিষমা, সীমান্ত দণ্ডাধীশ আদি উপস্থিত থাকে। পৰিস্থিতিৰ বুজ লােৱাৰ পিছত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি অহা ৩/৪ দিনৰ ভিতৰত দুয়ো ৰাজ্যৰ সংশ্লিষ্ট জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক পৰ্য্যায়ৰ এখন সভা অনুস্থিত হ’ব আৰু এক সপ্তাহৰ ভিতৰত আৰক্ষী উপ মহাপৰিদৰ্শক (সীমান্ত) পৰ্য্যায়ৰ সভা অনুস্থিত হ’ব।

লগতে পঢ়ক : ধেমাজি জিলাক বানমুক্ত কৰাৰ বাবে লােৱা হ’ব প্রয়ােজনীয় পদক্ষেপ

বিধায়কৰ ওপৰত হোৱা গুলীচালনা ঘটনাৰ বিষয়ত পঞ্জীভূক্ত গােচৰৰ ওপৰত অসম পুলিচে তদন্ত কৰিব আৰু বন বিভাগৰ লগত ঠাই সমূহ যুটীয়া নিৰীক্ষন কৰিব। ঘটনাৰ সবিশেষৰ এক প্রতিবেদন মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিব বুলি সঞ্চালক প্রধান গৰাকীয়ে জানিবলৈ দিয়ে। লগতে সঞ্চালক প্ৰধান গৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ নির্দেশনা সমূহ মানি চলিবলৈ নগালেণ্ডৰ শীৰ্ষ বিষয়া সকলক আহ্বান জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,904 other subscribers

Leave a comment

Leave a Reply