গুৱাহাটী : বানমুক্ত গুৱাহাটী অভিযানৰ কেতবােৰ গুৰুত্বপূর্ণ বিষয় বিশদভাৱে আলােচনাৰ বাবে নগৰ উন্নয়ন তথা গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী অশােক সিংঘালে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত জিলা প্রশাসন তথা সংশ্লিষ্ট বিষয়াসকলৰ লগত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে। অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিং, গুৱাহাটী মহানগৰ উন্নয়ন কর্তৃপক্ষৰ মুখ্য কাৰ্যবাহী বিষয়া উমানন্দ দলে আদি উপস্থিত থকা এই সভাত উপায়ুক্ত বিশ্বজিৎ পেগুৱে গুৱাহাটী মহানগৰৰ সাম্ভাব্য বান প্রতিৰােধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৱলী সভাত উপস্থাপন কৰে।

গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শর্মাই পৌৰ নিগমে মহানগৰৰ নলাসমূহ পৰিস্কাৰ কৰি থকাৰ বিষয়ে অবগত কৰাৰ উপৰি পৌৰ নিগমৰ ৬ টা মণ্ডলত হাতত লােৱা ব্যৱস্থাৱলীৰ বিষয়ে উল্লেখ কৰে। সভাত অংশ গ্রহণ কৰি গুৱাহাটী মহানগৰ উন্নয়ন বিভাগৰ মন্ত্রী অশােক সিংঘালে বিভাগসমূহক তৎপৰ হ’বৰ বাবে আহ্বান জনায়। তেওঁ মহানগৰীৰ বিভিন্ন প্রান্তত থকা সুইচ গেটসমূহ সক্রিয় কৰাৰ লগতে মহানগৰৰ মাজেৰে বৈ যােৱা নৈ-জানসমূহ শীঘ্ৰে পৰিষ্কাৰৰ ব্যৱস্থা ল’বলৈ আহ্বান জনায়। তাৰােপৰি তেওঁ পৌৰ নিগমক নলাসমূহ পৰিষ্কাৰ কৰিবৰ বাবে ধন মােকলাই দিব বুলিও প্রকাশ কৰে।

লগতে পঢ়ক : মাথো এটা ক্লিকতেই জানিব পাৰিব আপোনাৰ ক’ভিড পৰীক্ষাৰ ৰিপৰ্ট

তেওঁ পৌৰ নিগম আৰু জলসম্পদ বিভাগক পানী সিচাঁ পাম্পসমূহ সক্রিয় কৰি ৰাখিবৰ বাবে আৰু পাম্প চলাবলৈ ২৪ ঘণ্টাই কৰ্মচাৰী সাজু কৰি ৰাখিবলৈ নির্দেশ দিয়ে। তেওঁ লগতে মহানগৰ আৰক্ষীক বানৰ সময়ত হাতত ল’ব পৰা বিকল্প ট্রেফিক পৰিকল্পনা প্রস্তুত কৰি ৰাখিবলৈ পৰামর্শ দিয়ে। ইয়াৰ উপৰি অসম বিদ্যুৎ বিতৰক কোম্পানী লিমিটেডকো তেওঁ সাম্ভাব্য বান এলেকাৰ ঘৰুৱা আৰু ৰাজহুৱা স্থানসমূহৰ বিদ্যুৎ সংযােগৰ ওপৰত চকু ৰাখিবলৈ আহ্বান জনায়। মন্ত্রীগৰাকীয়ে উপায়ুক্ত আৰু পৌৰ নিগমৰ আয়ুক্তক সাম্ভাব্য বান এলেকাসমূহ সঘনাই ভ্ৰমণ কৰি ব্যৱস্থা সমূহ তদাৰক কৰিবলৈ আহ্বান জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,884 other subscribers

Leave a comment

Leave a Reply