নিউজ ডেস্কঃ হিন্দীত এষাৰ কথা আছে- ‘যোশ মে হোছ মত খৌ দেনা’। ইয়াৰ অৰ্থ হ’ল অত্যুৎসাহী হৈ মানুহে সকলো পাহৰি যাব নালাগে। কিন্তু এনে এক ঘটনা আজি সংঘটিত হৈছে খানাপাৰাৰ পশুচিকিৎসা মহাবিদ্যালয় খেলপথাৰত।

দৰাচলতে, আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ এবছৰীয়া বৰ্ষপূৰ্তি। বৰ্ষপূৰ্তি উদযাপনৰ বাবে খানাপাৰা খেলপথাৰত হাজাৰ হাজাৰ লোক সমবেত হোৱা পৰিলক্ষিত হৈছে।

বৰ্ষপূৰ্তি অনুষ্ঠানত ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলীয়ে ভাষণ প্ৰদান কৰে। তাৰপাছত ক্ৰমে- ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো, মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, মন্ত্ৰী অতুল বৰা, কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু তাৰপাছত ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰত মাতা কী জয় শ্লোগান দি ভাষণ প্ৰসংগ আৰম্ভ কৰে। তেওঁ ভাষণ দিয়াৰ ৪ মিনিট মান পাছতে প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীক ধন্যবাদ জ্ঞাপন কৰে। 

কিন্তু সেই সময়তে জিভা পিচল খালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণৰ মাজতে ক’লে- ‘প্ৰধানমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় গৃহমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাক ধন্যবাদ জনাইছো।’

মুখ্যমন্ত্ৰীগৰাকীৰ এই ১৪ ছেকেণ্ডৰ ভিডিঅ’টো এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ফেচবুক পোষ্ট, ইনষ্টাগ্ৰাম পোষ্ট, হোৱাটছএপ ষ্টেটাছ সকলোতে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জিভা পিচল খোৱা ভিডিঅটোৰ ক্লিপ। এফালৰ পৰা চাবলৈ গ’লে বৰ্ষপূৰ্তিৰ দিনটোতে জিভা পিচল খাই ভুল কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply