ৰাজ্যপালক চৰকাৰ গঠনৰ বাবে প্ৰস্তাব দাখিল

অৱশেষত সকলো জল্পনা কল্পনাৰ অন্ত পেলাই ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী নিৰ্বাচিত হ’ল হিমন্ত বিশ্ব শৰ্মা। সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যৰ পঞ্চদশ মুখ্যমন্ত্ৰী ৰূপে শপত ল’ব হিমন্ত বিশ্ব শৰ্মাই।


বিধায়িনী দলৰ বৈঠকৰ পিছতেই ৰাজভৱনত উপস্থিত হয় হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল । লগত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব উপস্থিত থাকে ।


চৰকাৰ গঠনৰ বাবে অনুমতি বিচাৰি ৰাজ্যপালক বিধায়কৰ সমৰ্থন পত্ৰ দাখিল কৰে । এইযাত্ৰা কালত মিত্ৰদল অগপ আৰু ইউ পি পি এলৰ ফালৰ পৰাও তেওলোকৰ দলৰ সমৰ্থন পত্ৰ দাখিল কৰে ৰাজ্যপালক ।


সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই । শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত হ’ব শপত গ্ৰহন অনুষ্ঠান । সকলো ক’ভিড প্ৰট’কল মানি অনুষ্ঠিত হ’বলগীয়া শপতগ্ৰহণ অনুষ্ঠানৰ পূৰ্ণ প্ৰস্তুতি চলিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,268 other subscribers

Leave a comment

Leave a Reply