হীৰেন গোঁহাই- ফাইল ফটো

গুৱাহাটী: অখিল গগৈৰ কাম-কাজক লৈ অসন্তোষ্ট হীৰেন গোঁহাই । যোৱা সময়চোৱাত অখিল গগৈ তথা ৰাইজৰ দলক বহু কেইটা পৰামৰ্শ দিছিল গোঁহাই য়ে । কিন্তু ৰাইজৰ দলে সেইকথা নামানিলে । সেয়েহে ৰাইজৰ দলৰ উপদেষ্টাৰ পদৰ পৰা অব্যাহতি ল’লে হীৰেন গোঁহাইয়ে ।

সংবাদমেল পাতি ৰাইজৰ দলৰ পৰা অব্যাহতি লোৱাৰ কথা ঘোষণা ড° হীৰেন গোহাঁইৰ। এতিয়াৰে পৰা ৰাইজৰ দলৰ কোনো কামতে জড়িত নাথাকিব ড° হীৰেন গোহাঁই। সংবাদমেলত জনোৱা মতে “মই অখিল গগৈৰ শেহতীয়া সিদ্ধান্ত মোৰ দীৰ্ঘদিনৰ মতৰ বিপৰীতে যোৱা বাবে ৰাইজৰ দলৰ উপদেষ্টা বাবৰ পৰা অব্যাহতি লৈছোঁ। ইয়াৰ পিছত তেওঁলোকৰ কোনো কামৰ বাবে মোৰ সামান্য দায়িত্বও নাথাকিব।”

অখিল গগৈয়ে লিখা পত্ৰখনৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি ৰাইজৰ দলৰ মূখ্য উপদেষ্টা পদৰ পৰা অব্যাহতি লয় ড° হীৰেন গোহাঁইয়ে। লগতে তেওঁ কয় যে, অখিল গগৈয়ে কাৰাগাৰৰ পৰা যিখন পত্ৰ লিখিছিল সেইখন চিঠি গগৈয়ে পূৰ্বতে কোৱা কথাৰ সম্পূৰ্ণ বিপৰীত। আজমলক সাম্প্ৰদায়িক বুলি কোৱাতো গগৈৰ সেয়া ভ্ৰান্ত ধাৰণা। তেওঁ যি কথা কৈছে সেয়া হ’লে বিজেপি বিৰোধী ভোট বিভাজন হ’ব।

কংগ্ৰেছৰ সৈতে ড° হীৰেন গোহাঁইৰ সম্পৰ্কৰ সন্দৰ্ভত কয়, ‘মই কংগ্ৰেছৰ ভক্ত নহয়। বিগত সময়ত কংগ্ৰেছৰ বিৰুদ্ধে বহু লিখা মেলা কৰিছোঁ। কিন্তু মই চৰ্ট সাপেক্ষে এইবাৰ সমৰ্থন কৰিব ওলাইছোঁ’। উল্লেখ্য যে অখিল গগৈয়ে কাৰাগাৰৰ পৰা লিখা চিঠি খনত এ আই ইউ ডি এফক সাম্প্ৰদায়িক আখ্যা দি কংগ্ৰেছক আঁতৰি আহিলে তেওলোকে মিত্ৰতা কৰিব বুলি প্ৰকাশ কৰিছিল ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply