গুৱাহাটী : ক’ভিড নিৰাময়ৰ বাবে গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীৰ মাজতে কামৰূপ মহানগৰ জিলা প্ৰশাসনে পদপথত আশ্ৰিতলোকসকলক নিৰাপদ আশ্ৰয় প্ৰদানৰ এক কাৰ্যসূচী গ্ৰহণ কৰিছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে শুক্ৰেশ্বৰ ঘাট এলেকাৰ পৰা প্ৰায় ৩০ জন পদপথত আশ্ৰিতলোকক বিভিন্ন বেচৰকাৰী সংস্থাৰ দ্বাৰা পৰিচালিত আশ্ৰয় গৃহলৈ স্থানান্তৰ কৰে। জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ নিৰ্দেশত প্ৰশাসনৰ তৰফৰ পৰা জিলা সমাজ কল্যাণ বিভাগৰ সহযোগত এই কাৰ্য সম্পাদন কৰা হয়।

গোলাঘাট মহিলা নিৰ্মাণ বেচৰকাৰী সংস্থা, ইপিচিপি বেচৰকাৰী সংস্থা আৰু নেভাৰ্ড বেচৰকাৰী সংস্থাই আশ্ৰয় গৃহলৈ পদপথত আশ্ৰিতলোকসকলক স্থানান্তৰ কাৰ্যত সম্পূৰ্ণ সহযোগিতা আগবঢ়ায়। উল্লেখযোগ্য যে স্থানান্তৰ কৰাৰ আগতে কৰা ক’ভিড পৰীক্ষাত কাৰোৰে শৰীৰত ক’ভিড ১৯ ৰ উপস্থিতি পোৱা নগ’ল। আনহাতে, জিলাখনৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বশিষ্ঠৰ পৰা জালুকবাৰীলৈকে ট্ৰাক ৰখোৱা স্থানবোৰত জিলা প্ৰশাসনে ক’ভিড পৰীক্ষাৰ এক কাৰ্যসূচী সম্পন্ন কৰে।

লগতে পঢ়ক : মুগা পলু পালন কৰি এশটা পৰিয়ালে দেখিছে উপাৰ্জনৰ সপোন

জিলা পৰিবহন বিভাগৰ সহযোগত কৰা এই পৰীক্ষাত ৮৪ জন লোকৰ ভিতৰত ৫ জনৰ দেহত ক’ভিড – ১৯ৰ অৱস্থিতি ধৰা পৰাৰ পিছত আক্ৰান্তসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। উল্লেখ্য যে দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো ব্যাপক হাৰত বৃদ্ধি পাইছে ক’ভিড আক্রান্ত লোকৰ সংখ্যা। প্ৰতিদিনে ৰাজ্যত নতুন নতুন লোকৰ শৰীৰত ক’ভিডৰ অৱস্থিতি ধৰা পৰাৰ লগতে বহু ক’ভিড ৰোগী মৃত্যুৰ মুখত পৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,841 other subscribers

Leave a comment

Leave a Reply