নিউজ ডেস্কঃ মহিলা ক্ৰিকেট বিশ্বকাপ ২০২২ৰ ফাইনেলত জয়ী অষ্ট্ৰেলিয়া। সপ্তম বাৰলৈ মহিলা বিশ্ব কাপৰ শিতাপ অৰ্জন কৰিবলৈ সক্ষম হ’ল অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেট দলটো। ফাইনেল মেচখনত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হয় ইংলেণ্ড।

প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়াই সংগ্ৰহ কৰে ৩৫৬ ৰান। কিন্তু তাৰ বিপৰীতে ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলটোৱে ভাল খেল প্ৰদৰ্শন কৰিব নোৱাৰিলে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ১৯৭৮, ১৯৮২ আৰু ১৯৮৮চনত মহিলা বিশ্বকাপৰ ফাইনেলত ইংলেণ্ড পৰাস্ত হৈছিল অষ্ট্ৰেলিয়াৰ হাতত। ইংলেণ্ডৰ দলটোৱে মুঠ ২৮৫ ৰানহে সংগ্ৰহ কৰে আৰু অষ্ট্ৰেলিয়াই বান্ধি দিয়া লক্ষ্যত উপনীত হ’ব নোৱাৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply