নিউজ ডেস্কঃ পুনৰ বিশ্বৰ একাংশ দেশত বৃদ্ধি পাবলৈ ধৰিছে কোৰোনাৰ সংক্ৰমণ। ভাৰততো যোৱা ২৪ ঘন্টাত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ২০৭৫জন লোক। আৰু দেশত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৪৩০০৬০৮০জনলৈ বৃদ্ধি পালে।

উল্লেখ্য যে, এই ২৪ ঘন্টাৰ সময়চোৱাত ভাৰতত কোৰোনাত আক্ৰান্ত ৭১জন লোকে হেৰুৱাইছে প্ৰাণ। দেখা গৈছে যে, ভাৰতত প্ৰতিদিনাই সুস্থ হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ হ্ৰাস পাই গৈছে নতুনকৈ কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা।

বৰ্তমান সময়ত দেশত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৭,৮০২জন ৰোগী। ইফালে, যোৱা ২৪ ঘন্টাত ভাৰতত সুস্থ হৈছে ৩৩৮৩জন লোক। বৰ্তমান সময়ত দেশত আৰোগ্যৰ হাৰ ৯৮.৭৩ শতাংশ। আনহাতে, প্ৰতিদিনেই পজিটিভিটী হাৰ ০.৫৬ শতাংশলৈ হ্ৰাস পাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply