নগাঁও: বিশ্বশান্তিৰ বাবে জুৰীয়াত আয়োজন কৰা জুম্মাৰ নামাজত হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ ওপৰত আজিও বিতৰ্ক অব্যাহত আছে। সন্দেহৰ আৱৰ্তত সোমাই পৰিছে জুৰীয়াৰ এখন মাদ্ৰাছা? আনহাতে একাংশৰ মতে অসমৰ লাখ লাখ ইছলামধৰ্মালম্বী লোকক ধৰ্মৰ নামত প্ৰতাৰণা কৰি ধন ঘটাৰ মানসৰে আয়োজন কৰা হৈছিল এই জুম্মাৰ নামাজৰ।

বিশ্বশান্তিৰ বাবে জুম্মাৰ নামাজ আৰু দোৱাৰ নামত অসমৰ লাখ লাখ ইছলামধৰ্মালম্বী লোকক জুৰীয়ালৈ আমন্ত্ৰন কৰা আয়োজক কমিটিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে সমগ্ৰ অসমতে। ছৌদি আৰৱৰ মদিনা শ্বৰিফৰ ইমামক চাবলৈ অসমৰ বিভিন্ন জিলাৰ পৰা লাখ লাখ ইছলামধৰ্মালম্বী লোকৰ সমাগম ঘটিছিল। কিন্তু অৱশেষত ইমাম গৰাকী দোৱাত অনুপস্থিত থকাৰ পিছতেই ক্ষোভত ফাটি পৰা একাংশ ৰাইজে ভাঙি-ছিঙি লণ্ডভণ্ড কৰিছিল জুৰীয়াৰ মণ্ডপ স্থলী। ক্ষতিগ্ৰস্ত হৈছিল লক্ষাধিক টকাৰ সা-সম্পত্তি। ৰাইজৰ উগ্ৰমূৰ্ত্তি দেখি পলায়ণ কৰিছিল উদ্যোক্তা কমিটিৰ বিষয়ববীয়া সকলে।

এই ঘটনাৰ পিছতে বিয়লি নগাঁৱত উপস্থিত হৈছিল আৰৱৰ এগৰাকী ইমাম সহ পশ্চিমবংগৰ এজন মৌলবী। কিন্তু উপস্থিত হোৱা নাছিল বাংলাদেশৰ দুগৰাকী ধৰ্মগুৰু। সেয়ে একাংশ ৰাইজৰ মতে ধৰ্মৰ নামত ধন ঘটাৰ বাবেই জুৰীয়াৰ এখন মাদ্ৰাছা আৰু কংগ্ৰেছৰ এগৰাকী নেতাই প্ৰতাৰণা কৰিলে অসমৰ লক্ষ লক্ষ ইছলামধৰ্মালম্বী লোকক। এই ব্যক্তিকেইগৰাকীক আৰক্ষীয়ে সংবাদ মাধ্যমৰ পৰা সম্পূৰ্ণ ৰূপে আতৰাই ৰখা হয়

আনহাতে এই ঘটনাৰ পিছতে সামাজিক মাধ্যমত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। আয়োজক কমিটিৰ সৈতে কোনো সম্পৰ্ক নাই বুলি সামাজিক মাধ্যমযোগে অৱগত কৰিছে এআইইউডিএফৰ বিধায়ক তথা সংখ্যালঘূ নেতা আমিনুল ইছলামেও। শীঘ্ৰেই আয়োজক মণ্ডলীৰ সৈতে জড়িত এগৰাকী জিলা পৰিষদৰ সদস্য, মাদ্ৰাছাৰ মালিকসহ কেইবাগৰাকীকো নগাঁও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply