পল্লব মিলি, লখিমপুৰঃ ৰাজ্যৰ শিক্ষা বিভাগে যিসময়ত চৰকাৰী বিদ্যালয়সমূহত শিক্ষাৰ মানদণ্ড বৃদ্ধিৰ বাবে পূৰ্ণোদ্যমে গুণোৎসৱ আয়োজন কৰি আহিছে, সেই সময়তে লখিমপুৰ জিলা শিক্ষাখণ্ডৰ অধীনৰ এখন পিছপৰা ভিতৰুৱা অঞ্চলৰ অগ্ৰণী চৰকাৰী বিদ্যালয়ৰ দুাৰৱস্থাই বাৰুকৈয়ে উদ্বিগ্ন কৰি তুলিছে সেই বিদ্যালয়ৰ শিক্ষাৰ লগত জড়িত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ আৰু অভিভাৱক সকলক।

এই বিদ্যালয়খন হৈছে ঘাগৰ মুখ উচ্চ মাধ্যমিক বিদ্যালয়। লখিমপুৰ জিলা শিক্ষা বিভাগৰ অধীনৰ তথা ভীমপৰা পঞ্চায়তৰ অন্তৰ্গত চৰকাৰী শিক্ষাৰ উচ্চ প্ৰতিষ্ঠান এই বিদ্যালয়ৰ জৰাজীৰ্ণ অৱস্থাই সকলোৰে চকু কপালত তুলিছে। ৰাজ্যত শাসনাধিষ্ঠিত চৰকাৰখনে উন্নয়নৰ ঢাক-ঢোল নবজাওঁক কিয়, দেশৰ মানৱ সম্পদ গঢ় দিয়া এই বিদ্যালয়ৰ জৰাজীৰ্ণ অৱস্থাই শিক্ষাৰ ক্ষেত্ৰত চৰকাৰী উন্নয়নৰ ফোপোলা স্বৰূপবোৰ উন্মোচিত কৰিছে।

২০১৩ চনতে প্ৰাদেশীকৃত তথা উচ্চ আৰু মাধ্যমিক স্তৰত তিনি শতাধিতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি থকা এই বিদ্যালয়ৰ, বিদ্যালয়গৃহৰ পকীকৰণ ব্যৱস্থা আজিলৈকে নকৰিলে ৰাজ্যৰ শিক্ষা বিভাগে। ফলত যুগ ধৰি সলনি নকৰাকৈ থকা বিদ্যালয়ৰ গৃহৰ অন্যান্য স্থানৰ লগতে শ্ৰেণীকোঠা সমূহৰ ওপৰৰ টিনৰ চালিত সৃষ্টি হৈছে সৰু বৰ অজস্ৰ ফুটা।

ফলত বৰষুণৰ বতৰত ফুটা হোৱা টিনৰ চালিয়েদি বৰষুণৰ পানী সৰকি পৰি শ্ৰেণীকোঠাৰ কেচা মজিয়া বোকা হৈ যোৱাৰ লগতে এক প্ৰকাৰে কৃত্ৰিম বানপানীৰ দৰে পৰিৱেশৰ সৃষ্টি হৈ বিদ্যালয়ত অধ্যয়ন কৰিবলৈ অহা ছাত্ৰ-ছাত্ৰীৰ বহী-কিতাপ, কাপোৰ কানি সকলো তিতি-বুৰি এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয়। কিন্তু উপায়ন্তৰ হৈ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলে তেনে এক পৰিস্থিতিৰ মাজতো যেনেকৈ শিক্ষা প্ৰদান কৰিবলৈ বাধ্য হৈ আছে, তেনেকৈয়ে ছাত্ৰ-ছাত্ৰী সকলেও এনে পৰিস্থিতিতো শিক্ষাগ্ৰহণ কৰিবলৈ বিদ্যালয়ত উপস্থিত থাকি নিজৰ ধৈৰ্য্যৰ পৰীক্ষা দিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,330 other subscribers

Leave a comment

Leave a Reply Cancel reply