নিউজ ডেস্কঃ ঘোষিত হ’ল ২০২২ বৰ্ষৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত লতাশিল বিহু সন্মিলনৰ ফলাফল। দেওবাৰে অনুষ্ঠিত হোৱা গুৱাহাটীৰ অন্যতম লতাশিল বিহু সন্মিলনৰ শ্ৰেষ্ঠ বিহু সম্ৰাজ্ঞীৰ সন্মান লাভ কৰিলে শিৱসাগৰৰ শতাব্দী কলিতাই।
বিহু কুঁৱৰীৰ খিতাপ দখল কৰিলে ধেমাজিৰ প্ৰীতিৰাণী বৰগোহাঁই আৰু বিহুৰাণীৰ খিতাপ দখল কৰিলে মৰাণৰ নিমিষা দিহিঙীয়াই।
লগতে পঢ়কঃমহানগৰীৰ গণেশগুৰি উৰণীয়া সেতুৰ ওপৰত দুৰ্ঘটনা: নিহত এজন
আনহাতে শ্ৰেষ্ঠ ঢুলীয়াৰ খিতাপ অৰ্জন কৰে নয়নজ্যোতি বৰা আৰু শ্ৰেষ্ঠ পেপুৱাৰ খিতাপ অৰ্জন কৰে দেৱজিৎ তামুলীয়ে।
নয়ন জ্যোতি বৰা আৰু দেবজিত তামুলীয়ে লাভ কৰিছে ১০ হাজাৰ টকা, বটা, মানপত্ৰ।