নগাঁও : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই নগাঁও জিলাৰ মহা মৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰি এই মন্দিৰখনক জিলাখনৰ এক আকর্ষণীয় পর্যটনস্থলী হিচাপে গঢ় দিয়াৰ বাবে জিলাখনৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, বন আৰু লােকনির্মাণ বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয়। আলােচনাত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্তমল্ল বৰুৱা, নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা আৰু বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গােস্বামীও উপস্থিত থাকে।

বৈঠকত মুখ্যমন্ত্ৰীয়ে মন্দিৰ চৌহদ আটকধুনীয়াকৈ সজাই তােলাৰ লগতে বৃক্ষৰােপণৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সামাজিক বনানীকৰণ বিভাগক নির্দেশ দিয়ে। তেওঁ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মন্দিৰলৈ যােৱা পথটো দুইলেনযুক্ত পথলৈ ৰূপান্তৰিতকৰণৰ আঁচনিখন খৰতকীয়াভাৱে ৰূপায়ণৰ বাবে লােকনির্মাণ বিভাগক নির্দেশ দিয়ে। মন্দিৰ চৌহদত যান-বাহনৰ বাবে পর্যাপ্ত পার্কিঙৰ ব্যৱস্থা গঢ়ি তােলাৰ লগতে মন্দিৰমুখী পথছােৱাৰ উপযুক্ত যানবাহন ব্যৱস্থাপনাৰ দিহা কৰিবলৈও মুখ্যমন্ত্ৰীয়ে জিলা প্রশাসনক নির্দেশ দিয়ে।

লগতে পঢ়ক : পদপথত আশ্ৰিতলোকক নিৰাপদ আশ্ৰয় প্ৰদান কাৰ্যসূচী কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ

আনহাতে, নগাঁও জিলাৰ বামুণীপাহাৰত কিছুদিন পূর্বে কেইবাটাও হাতীৰ অস্বাভাৱিক মৃত্যুৰ ঘটনা পর্যালােচনা কৰি মুখ্যমন্ত্রী ড° শৰ্মাই উক্ত পাহাৰত ব্যাপক বৃক্ষৰােপণ অভিযান হাতত ল’বলৈ বন বিভাগক নির্দেশ দিয়ে। বন্যপ্রাণী সুৰক্ষাৰ ক্ষেত্ৰত স্থানীয় ৰাইজক এক গুৰুত্বপূর্ণ অংশীদাৰ হিচাপে গঢ়ি তােলাৰ স্বাৰ্থত তেওঁলােকৰ কর্ম সংস্থাপন তথা আত্মনিয়ােজন সৃষ্টিৰ বাবে প্রয়ােজনীয় কার্যসূচী গ্রহণ কৰিবলৈও মুখ্যমন্ত্ৰীয়ে বিভাগক কয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,861 other subscribers

Leave a comment

Leave a Reply