মানকাচৰ : সমগ্ৰ দেশৰ লগতে অসমতো ভয়াবহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক ক’ভিডে। অসমত ক’ভিড আক্রান্ত লোকৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাই থকাৰ লগতে বৃদ্ধি পাইছে ক’ভিডত আক্রান্ত ৰোগীৰ মৃত্যুৰ সংখ্যা। নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা পৰিস্থিতিৰ লগত যুঁজ দিবলৈ চৰকাৰ, প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ লোক অধিক তৎপৰ হৈ উঠিছে।

ক’ভিডৰ দ্বিতীয়টো ঢৌৰ তাণ্ডৱৰ পৰা জনসাধাৰণ ৰক্ষা কৰিবলৈ ৰাজ্য চৰকাৰে ইতিমধ্যে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও ৰোধ কৰিব পৰা নাই ক’ভিডৰ সংক্ৰমণ। প্ৰতিদিনে নতুন নতুন লোক ক’ভিডত আক্রান্ত হৈ থকাৰ লগতে মৃত্যুৰ মুখত পৰি আছে বহু লোক।

ৰাজ্যৰ অন্যান্য জিলা সমূহৰ লগতে নামনি অসমৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাত প্ৰতিদিনে ব্যাপক হাৰত বৃদ্ধি পাইছে ক’ভিড ৰোগীৰ সংখ্যা। বুধবাৰে জিলাখনৰ মানকাচৰত নতুনকৈ ২৮ জন লোকৰ শৰীৰত ধৰা পৰিছিল ক’ভিডৰ অৱস্থিতি। আনহাতে বৃহস্পতিবাৰে মানকাচৰত দুজন ক’ভিড আক্রান্ত ৰোগী মৃত্যুৰ মুখত পৰে।

আৰু পঢ়কঃ খেতিৰ সহজ টিপছ : জানক পেলনীয়া শাক-পাচলি কিদৰে পুনৰ ৰোব পাৰি

মৃত্যু হোৱা লোক দুজনৰ ভিতৰত এজন উত্তম শিল আৰু অন্য এজন আজিজুৰ ৰহমান বুলি জানিব পৰা গৈছে। ক’ভিড আক্রান্ত উত্তম শিল গজাৰিকান্দি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য পৰীক্ষাৰ বাবে আহিছিল যদিও স্বাস্থ্য পৰীক্ষাৰ পূৰ্বে মৃত্যুৰ মুখত পৰে উত্তম শিল। আনহাতে আজিজুৰ ৰহমানক বুধবাৰে সংকটজনক অৱস্থাত হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও বৃহস্পতিবাৰে পুৱাৰ ভাগত মৃত্যু ঘটে আজিজুৰ ৰহমানৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,286 other subscribers

Leave a comment

Leave a Reply