গৰাখহনীয়াৰ ৰূদ্ৰমূৰ্তি

ধুবুৰী : ধুবুৰী জিলাৰ অন্তৰ্গত ফকিগঞ্জ, পাটাকাটা, পামপাৰা, চাটলাৰপাৰ, ৰাভাটাৰী, পদ্মেৰ আলগা, মহৰিচৰ, বিৰচিং আৰু বন্দিহানা এই অঞ্চল সমূহত শেহতীয়াভাৱে চলি থকা গৰাখহনীয়া সন্দৰ্ভত এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে জলসিঞ্চন বিভাগৰ মন্ত্ৰীক অৱগত কৰি উক্ত অঞ্চলৰ গৰাখহনীয়া প্ৰতিৰােধৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভূক্তভােগী পৰিয়ালক সাহাৰ্য্য আৰু পুনৰ সংস্থাপন বিচাৰি এখনি স্মাৰক পত্র প্রেৰণ কৰে। পত্রখনিত তেওঁ উল্লেখ কৰে যে দক্ষিণ শালমাৰা সমষ্টিটো সম্পূৰ্ণৰূপে বানপানী আৰু গৰাখহনীয়াৰ বাবে বহু বছৰ ধৰি প্ৰভাৱিত হৈ আহিছে, এই সম্পর্কত জলসিঞ্চন বিভাগে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

শেহতীয়াভাৱে ব্রহ্মপুত্র নদীৰ গৰাখহনীয়াৰ ফলত ধুবুৰী অঞ্চলৰ বিভিন্ন ঠাইত নদীখনৰ ভৌগলিক অৱস্থান সলনি ঘটিছে। ইয়াৰ ফলত বিভিন্ন অঞ্চলত ভালেকেইখন ৰাজহ গাঁও ক্ষতিগ্রস্থ হৈছে। উদাহৰণ স্বৰূপে ফকিগঞ্জ গাঁও পঞ্চায়তৰ দাকুৰভিটা অঞ্চলত গৰাখহনীয়া সৃষ্টি হৈছে, তেনেদৰে কাইদাংগা-চাইদুবি আৰু পাটাকাটা অঞ্চলত ৩৫৫ টা পৰিয়াল সম্পূৰ্ণৰূপে যােৱা বছৰৰ পৰা ক্ষতিগ্রস্থ হৈছে। বৰকলীয়া প্রথম খণ্ড, কলীয়াগলদিগি, কলীয়া চাতলা আদি কেইবাটাও অঞ্চলত ২৪৬ টা পৰিয়াল খহনীয়াত জাহ গৈছে আৰু ২ খনকৈ চৰকাৰী বিদ্যালয়ে সম্পূৰ্ণৰূপে জাহ গৈছে।

ঠিক তেনেদৰে পদ্মেৰ আলগা প্রথম আৰু দ্বিতীয় খণ্ডত প্রায় ২৫০ টা পৰিয়াল আৰু চৰকাৰী ২ খন বিদ্যালয় জাহ গৈছে। একেদৰে হাজিৰহাট পঞ্চায়তৰ অন্তৰ্গত বৱালীয়া দ্বিতীয় খণ্ড, কপাটি প্রথম খণ্ড আৰু দ্বিতীয় খণ্ড, বেৰাভাঙ্গাত প্রায় ১৫৫ টা পৰিয়াল খহনীয়াত জাহ গৈছে। বিৰচিং গাঁও পঞ্চায়তৰ অন্তৰ্গত গলাপাৰা আলগা, বিৰচিং তৃতীয় খণ্ডত ৬৭ টা পৰিয়াল আৰু এখন চৰকাৰী বিদ্যালয়, মহৰিৰচৰ পঞ্চায়তৰ অন্তৰ্গত ৰচোমাৰী বেৰাভাঙ্গাত প্রায় ৩০০ পৰিয়াল খহনীয়াত জাহ যােৱাৰ উপৰিও গোঁসাইদুবি তিনদুবি পঞ্চায়তৰ অন্তৰ্গত শালমাৰা তৃতীয় আৰু চতুর্থ খণ্ডত সৰ্বমুঠ ২৯ টা গাঁও পঞ্চায়তৰ ২০ টা পঞ্চায়তৰ প্রায় ১৫০০ পৰিয়াল আৰু ৫০০০ বিঘা মাটি খহনীয়াত জাহ গৈ নদীৰ সৈতে মিলি গৈছে।

এইকেইটা অঞ্চলৰ ক্ষতিগ্রস্থ ৰাইজ সকল অন্য ঠাইলৈ গৈ আশ্রয় ল’বলৈ বাধ্য হৈছে। ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে স্মাৰক পত্ৰ খনিত আৰু উল্লেখ কৰে যে জলসিঞ্চন বিভাগে এই ক্ষেত্ৰত যি ধৰণে ব্যৱস্থা ল’ব লাগিছিল তেনেদৰে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হােৱা নাই। বিশেষকৈ খহনীয়া প্ৰতিৰােধৰ কোনাে ব্যৱস্থা লােৱা নাই। জলসিঞ্চন বিভাগে ফকিগঞ্জ, পাটাকাটা, হাজিৰহাটত কাগজে পত্ৰই কাম কৰা দেখাইছে যদিও বাস্তৱত সেই কাম হৈ উঠা নাই। কেৱল কাগজে পত্ৰইহে কাম হােৱা বুলি উল্লেখ আছে। এই গােটেই কেইটা অঞ্চলৰ ক্ষতিগ্রস্থ ৰাইজ সকলে সহায় সহযােগীতা বিচাৰি বিভিন্ন চৰকাৰী বিভাগৰ দুৱাৰে দুৱাৰে ঘূৰিছে যদিও তেওঁলােকে কোনাে ধৰণৰ সহায় পােৱা নাই।

লগতে পঢ়ক : ভাৰত চৰকাৰৰ বিৰুদ্ধে আইনী যুঁজত নামিল WhatsApp; নতুন নিয়মে খৰ্ব কৰিব নাগৰিকৰ গোপনীয়তাৰ অধিকাৰ

জিলাখনৰ উপায়ুক্ত গৰাকীয়েও ক্ষতিগ্রস্থ অঞ্চলবােৰ চাবলৈ যােৱা নাই আৰু উক্ত অঞ্চল সমূহলৈ তেওঁ কোনাে ধৰণৰ বিষয়াকো নিৰিক্ষণৰ কাৰণে পঠোৱা নাই। ব্ৰহ্মপুত্ৰৰ এইগৰাখহনীয়াৰ সম্পর্কে বাতৰি কাকত আৰু ইলেক্ট্রনিক মাধ্যমত বাতৰি প্ৰকাশ পাইছে, তাৰ পিছতাে প্রশাসনে কোনাে ব্যৱস্থা গ্ৰহণ কৰা নাই। স্মাৰক পত্ৰখনিত তেওঁ আৰু উল্লেখ কৰে যে এই গৰাখহনীয়া বিষয়টোৱে ভাৰত-বাংলাদেশ সীমান্তৰ সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। পত্ৰখনিত সাংসদ আজমলে বিভাগীয় মন্ত্রীৰ ওচৰত আহ্বান জনায় যে অতি সােনকালে এই অঞ্চল সমূহ পৰিভ্রমণ কৰি বিভাগীয় কর্তৃপক্ষক নির্দেশ দি আৰু ক্ষয় ক্ষতিৰ বুজ লৈ তাৎক্ষণিকভাৱে প্ৰতিৰােধ ব্যৱস্থা গ্ৰহণ কৰি ক্ষতিগ্রস্থ লােকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,277 other subscribers

Leave a comment

Leave a Reply