মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অধীনত থকা প্ৰায় চাৰি শতাধিক প্ৰাথমিক বিদ্যালয়ত চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ বাবে যোগান ধৰা দুপৰীয়াৰ আহাৰৰ দুই মাহৰ চাউল সমবায় সমিতিয়ে বিতৰণ নকৰাত জিলা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে পি ডি এছৰ চাউল যোগানকাৰীৰ বিৰুদ্ধে জিলা উপায়ুক্তক এখন লিখিত অভিযোগ দাখিল কৰে।

দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে অভিযোগ কৰা মতে ২০২০-২১ বিত্তীয় বৰ্ষৰ যোৱা জুলাই আৰু ডিচেম্বৰ মাহৰ চাউল বিদ্যালয় সমূহক যোগান নধৰাত শিক্ষক সকলে ছাত্ৰ ছাত্ৰী সকলক চাউল বিতৰণ কৰিব পৰা নাই।

জিলাখনৰ মুঠ ৮ খন সমবায় সমিতিৰ জৰিয়তে প্ৰায় ৪০০ প্ৰাথমিক বিদ্যালয়ত পি ডি এছৰ চাউল প্ৰতি মাহে বিতৰণ কৰা হয় কিন্তু যোৱা জুলাই মাহত গৰমৰ বন্ধৰ সুযোগ লৈ সমবায় সমিতিয়ে বিদ্যালয় সমূহক চাউল বিতৰণ নকৰাৰ লগতে ক’ভিড পৰিস্থিতিৰ মাজত যোৱা ডিচেম্বৰ মাহত চৰকাৰে ছাত্ৰ-ছাত্ৰীক অতিৰিক্তভাৱে যোগান দিয়া চাউল বিতৰণ নকৰাৰ অভিযোগ তুলিছে জিলা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে।

লগতে পঢ়ক : চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অবস্থাই ৰাইজক দূৰ্ভোগ ভোগাইছে

ইয়াকে লৈ সন্মিলনীৰ ফালৰ পৰা জিলা উপায়ুক্তক পি ডি এছ চাউল যোগানকাৰীৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰি দুই মাহৰ চাউল অতি সোনকালে দিয়াৰ আহ্বান জনাইছে। আনকি চৰকাৰী চাউল বিতৰণ নকৰা চক্ৰৰ বিৰুদ্ধে বিহীত ব্যৱস্থা লোৱাৰ দাবী জনাইছে জিলা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply