সোণাৰিঃ নাগালেণ্ডৰ মন জিলাৰ অ’টিংবস্তিত সংঘটিত নাৰকীয় কাণ্ডৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ভাৰতীয় সেনাই।

অ’টিং বস্তিত সংঘটিত ঘটনাৰ তদন্তৰ বাবে অহা উচ্চ পদস্থ তদন্তকাৰী দলে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। আনহাতে চাৰি ডিচেম্বৰত  অটিংবস্তিত সংঘটিত নাৰকীয় কাণ্ডৰ মূল ঘটনাস্থলীৰপৰা তথ্য সংগ্ৰহ কৰি সেনাৰ উচ্চ পদস্থ তদন্তকাৰী দল ইতিমধ্যে উপস্থিত  হৈছেহি টিজিত আৰক্ষী থানাত।

উল্লেখ্য যে, চাৰি ডিচেম্বৰত সেনাৰ ২১ পেৰা কামাণ্ডোৰ গুলীত ১৩ জন নিৰীহ লোক নিহত হোৱাৰ পৰৱৰ্ত্তী সময়ত পাঁচ ডিচেম্বৰত ইয়াৰ প্ৰতিবাদ কৰোঁতে মন টাউনত আন এজন লোক নিহত হৈছিল সেনাৰ গুলীত। ইয়াৰ পাছতে তীব্র প্ৰতিবাদ সাব্যস্ত হৈছিল সমগ্র মন জিলাত। কন্যাক ইউনিয়ন, কন্যাক ষ্টুডেণ্ট ইউনিয়নৰ লগতে বিভিন্ন সংগঠনে উচিত তদন্তৰ দাবী জনোৱাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ পৰা সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন বাতিলৰো দাবী উত্থাপন হৈছিল। ইয়াৰ পাছতে  এজন মেজৰ জেনেৰেলৰ নেতৃত্বত কেইবাগৰাকীও সেনা বিষয়াৰ লগতে কেইবাগৰাকী উচ্চ পদস্থ বিষয়া অ’টিং বস্তিত উপস্থিত হৈ গাঁওবাসীৰ হাতত থকা প্ৰথম পক্ষৰ প্ৰাথমিক সাক্ষ্য তথা তথ্য প্ৰমাণ গ্ৰহণ কৰে। 

লগতে পঢ়কঃমন জিলাৰ অ’টিঙত সংঘটিত ঘটনাৰ তদন্তৰ বাবে উচ্চ পদস্থ তদন্তকাৰী দলে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া

নগা আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰে অটিং বস্তিত উপস্থিত হৈ তথ্য প্ৰমাণ গ্ৰহণ কৰা পাছতে টিজিত আৰক্ষী থানাত ঘটনাৰ প্রত্যক্ষদর্শীয়ে তেওঁলোকৰ হাতত থকা ভিডিঅ ’ , ফটো আদি তথ্য পাতি দলটোৱে সংগ্ৰহ কৰে ।

তদুপৰি তদন্তকাৰী দলটোৱে ঘটনাস্থলী পৰিদৰ্শন কৰি সবিশেষ তথ্য সংগ্ৰহ কৰে।  সেনাৰ এম্বুছত নিহত হোৱা ১৪ নিৰীহ গাঁৱবাসীৰ আত্মীয়, ওটিং গাঁৱৰ জনসাধাৰণ, কন্যাক ইউনিয়ন তথা কন্যাক ছাত্ৰ ইউনিয়নৰ সৈতে আলোচনাত মিলিত হয় দলটো।

ইফালে তদন্তকাৰী দলটো টিজিতলৈ অহাৰ পৰিপ্ৰেক্ষিতত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলে নাগালেণ্ডৰ আৰক্ষী প্ৰশাসনে।

আনহাতে নাগালেণ্ডৰ চৰকাৰে গঠন কৰা উচ্চ স্তৰীয় তদন্তকাৰী সমিতিৰ সদস্য সংখ্যা ৮ জনৰ পৰা ২২ জনলৈ বৃদ্ধি কৰা হৈছে আৰু এই সমিতিয়ে এম্বুছ কৰা ভাৰতীয় সেনা বাহিনীৰ ২১ পাৰা ৰেজিমেন্টক সোধা পোছা কৰিবলৈ অনুমতি লাভ কৰিছে বুলি এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা জানিব পৰা গৈছে। এই সন্দৰ্ভত কাৰোবাৰ ওচৰত কিবা তথ্য থাকিলে +91 60339 24571 নম্বৰত জনাব পাৰিব বুলিও কোৱা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,753 other subscribers

Leave a comment

Leave a Reply