ডঃ হিমন্ত বিশ্ব শৰ্মা
জন্ম : ১-২-১৯৬৯ চন যোৰহাট।
পিতৃ : প্ৰয়াত কৈলাশ নাথ শৰ্মা ।
মাতৃ : শ্ৰী মৃণালিনী দেৱী।

শিক্ষা-

স্কুল : বাল্য ভৱন, যোৰহাট , ১৯৭৫ নতুন শৰণীয়া প্ৰাথমিক বিদ্যালয় , গন্ধিবস্তি।
১৯৭৯ কামৰূপ একাডেমী ।
১৯৮৫ চনত মেট্ৰিক উত্তীৰ্ণ হৈ কটন কলেজত কলা শাখাত নামভৰ্ত্তি।
১৯৮৭ চনত উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈ ৰাজনীতি বিজ্ঞান বিষয়ত প্ৰধান বিষয় হিচাবে লৈ কটন কলেজত নামভৰ্ত্তি।

প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা সময়ত


গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ কটনৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী।

বিষ্ণুৰাম মেধী চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক।


গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা ডঃ নিৰু হাজৰিকাৰ তত্বাৱধানত NORTH EASTERN COUNCIL : A STRUCTURAL AND FUNCTIONAL ANALYSIS বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ।

১৯৯৬ চনৰ পৰা ২০০১ চনলৈকে গুৱাহাটী উচ্চ ন্যায়ালয়ত ওকালতি কৰিছিল ।

শৈশবত দেউতাকৰ কোলাত হিমন্ত

ৰাজনৈতিক পৰিক্ৰমা:
১৯৯৪ চনত কংগ্ৰেছ দলত যোগদান। ছাত্র আৰু যুৱ কল্যাণ বিভাগৰ সদস্য সচিব হিচাবে প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই নিযুক্তি দিয়ে।
১৯৯৬ চনত ৫১ নং জালুকবাৰী সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি অগপ নেতা ভৃগু কুমাৰ ফুকনৰ হাতত পৰাজয়।
২০০১ চনত জালুকবাৰী সমষ্টিৰ পৰা প্ৰথম বাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত।

“ককাদেউতা, নাতি আৰু হাতী” ছবিত শিশু শিল্পী হিচাপেও এটি দৃশ্যত ভুমুকি মাৰিছিল।

২০০২ চনত তৰুণ গগৈৰ মন্ত্রী সভাত কৃষিকে ধৰি কেবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী হিচাবে স্থান লাভ।
২০০৬ চনত পুনৰ জয়ী হৈ তৰুণ গগৈৰ মন্ত্রী সভাত স্বাস্থ্যকে ধৰি কেবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী হিচাবে স্থান লাভ।
২০১১চনত তৰুণ গগৈৰ মন্ত্রী সভাত স্বাস্থ্য, শিক্ষা,গুৱাহাটী উন্নয়নকে ধৰি কেবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী হিচাবে স্থান লাভ।
২০১৪ চনত প্ৰয়াত তৰুণ গগৈৰ মন্ত্ৰী সভাৰ পৰা পদত্যাগ ।
২৩ আগষ্ট ২০১৫ চনত বিজেপি দলত যোগদান ।
২০১৬ চনত বিজেপি দলৰ পৰা জালুকবাৰী সমষ্টিত প্ৰতিদ্বন্দিতা কৰি চতুৰ্থবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত। সৰ্বানন্দ সোনোৱালৰ মন্ত্ৰী সভাত বিত্ত, স্বাস্থ্য, গড়কাপ্তানীকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী হিচাবে কাৰ্যনিৰ্বাহ।

কলেজীয়া বন্ধুবৰ্গৰ সৈতে হিমন্তবিশ্ব


২০২১চনত পঞ্চমবাৰৰ বাবে পুনৰ বিধানসভালৈ নিৰ্বাচিত হয়। বিধায়িনী দলৰ সিদ্ধান্ত মৰ্মে মুখ্যমন্ত্ৰী নিৰ্বাচিত।

বিজেপিত যোগদানৰ পাছত উত্তৰ পূবত দলৰ সাংগঠনিক ভেটি সবল কৰাৰ বাবে সক্ৰিয় ভূমিকা পালন হিমন্তবিশ্ব শর্মাৰ। নেডাৰ আহ্বায়ক ৰূপে বিজেপিক উত্তৰ পূবত সবল স্থিতি প্ৰদান কৰাত সফল হ’ল ।

ছাত্র ৰাজনীতি :
আছু । ১৯৮৭-১৯৮৮ চনত কটন কলেজ ছাত্র একতা সভাৰ সহকাৰী সাধাৰণ সম্পাদক।
১৯৮৮-১৯৮৯, ১৯৮৯-৯০আৰু ১৯৯১-১৯৯২ চনত তিনি বাৰকৈ কটন কলেজৰ ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক হিচাবে কাৰ্যনিৰ্বাহ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,844 other subscribers

Leave a comment

Leave a Reply