নিউজ ডেস্ক: অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হবলগীয়া ৰাজ্যৰ ৪৭টা বিধানসভা সমষ্টিত কালি মনোনয়ন–পত্র প্ৰত্যাহাৰ কৰাৰ কাইলৈ অন্তিম দিন৷ অসমৰ মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ৰ তৰফৰ পৰা দিয়া তথ্য অনুসৰি প্রথম পর্যায়ৰ নির্বাচনী যুঁজত নমিনেচন দিয়া প্ৰাৰ্থীৰ সংখ্যা মুঠ ২৯৫জন ৷

ইয়াৰে ঢ়েকীয়াজুলি সমষ্টিত ৭জন, বৰছলা সমষ্টিত ৫জন, তেজপুৰ সমষ্টিত ১০জন, ৰঙাপৰা সমষ্টিত ৭জন, চতিয়া সমষ্টিত ৩জন, বিশ্বনাথ সমষ্টিত ৫জন, বিহালী সমষ্টিত ৪জন, গহপুৰ সমষ্টিত ৪জন, ধিং সমষ্টিত ১০জন, বটদ্রৱা সমষ্টিত ৯জন, ৰূপহীহাট সমষ্টিত ১০জন, চামগুৰি সমষ্টিত ৪জন, কলিয়াবৰ সমষ্টিত ৫জন, বোকাখাত সমষ্টিত ১১জন, সৰুপথাৰ সমষ্টিত ৪জন, গোলাঘাট সমষ্টিত ৩জন, খুমটাই সমষ্টিত ৬জন, দেৰগাঁও সমষ্টিত ৪জন, যোৰহাট সমষ্টিত ৪জন, টীয়ক সমষ্টিত ৫জন, তিতাবৰ সমষ্টিত ৪জন, মৰিয়নি সমষ্টিত ৫জন, মাজুলী সমষ্টিত ৬জন, আমগুৰি সমষ্টিত ৬জন, থাওৰা সমষ্টিত ৩জন, শিৱসাগৰ সমষ্টিত ৬জন, নাজিৰা সমষ্টিত ৫জন, মাহমৰা সমষ্টিত ৯জন, সোণাৰি সমষ্টিত ৫জন, বিহপুৰীয়া সমষ্টিত ৮জন, নাওবৈচা সমষ্টিত ১৪জন, লখিমপুৰ সমষ্টিত ৮জন, ঢ়কুৱাখনা সমষ্টিত ৬জন, ধেমাজি সমষ্টিত ৬জন, জোনাই সমষ্টিত ৭জন, মৰাণ সমষ্টিত ৭জন, ডিব্রুগড় সমষ্টিত ৫জন, লাহোৱাল সমষ্টিত ৮জন, দুলীয়াজান সমষ্টিত ৫জন, টিংখাং সমষ্টিত ৪জন, নাহৰকটীয়া সমষ্টিত ৬জন, চাবুৱা সমষ্টিত ৮জন, তিনিচুকীয়া সমষ্টিত ১১জন, ডিগবৈ সমষ্টিত ৪জন, ডুমডুমা সমষ্টিত ৭জন, মার্ঘেৰিটা সমষ্টিত ৬জন আৰু শদিয়া সমষ্টিত প্রার্থীৰ সংখ্যা হৈছে ৬জন৷ এই ২৯৫জন প্রার্থীয়ে সর্বমুঠ ৬৩০খন মনোনয়ন–পত্র দাখিল কৰিছে৷

ইতিমধ্যে নাকচ হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দুখনকৈ মনোনয়ন পত্ৰ। অসম জাতীয় পৰিষদৰ মৰিয়নী সমষ্টিৰ প্ৰাৰ্থী অলক ঘোষ আৰু একেটা দলৰে বটদ্ৰৱা সমষ্টিৰ অৰূপ কুমাৰ শইকীয়াৰ মনোনয়নৰ নথি পত্রৰ বিসংগতিৰ বাবে প্ৰাৰ্থিত্ব নাকচ কৰিছে নিৰ্বাচন আয়োগে।অলক কুমাৰ ঘোষৰ মনোনয়ন পত্ৰৰ শপতনামাত আয়কৰ ৰিটাৰ্ণ আৰু শিক্ষাগত অৰ্হতাৰ সবিশেষ উল্লেখ নথকাত প্ৰাৰ্থীগৰাকীক দাখিল কৰাৰ দ্বিতীয় দিনা পুৱা ১১ বজাৰ ভিতৰত পুনৰ নতুন শপতনামা প্ৰদান কৰিবলৈ নিৰ্বাচন আয়োগে জাননী জাৰি কৰিছিল। প্ৰাৰ্থী গৰাকীয়ে নতুনকৈ শপতনামা জমা দিয়ে যদিও সেইখন শপত নামাতো কেইবাটাও দফা উকা হৈ থকাৰ বাবেই নাকচ কৰে নিৰ্বাচন আয়োগে। শেহতীয়াকৈ মৰিয়নি সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী গৰাকীয়ে অখিল গগৈৰ সমৰ্থনত প্ৰাৰ্থিত্ব নাকচ কৰাৰ বাবেই মনোনয়ন পত্ৰ ভুলকৈ দাখিল কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,873 other subscribers

Leave a comment

Leave a Reply