সময়ৰ আহ্বান

বিধায়িনী দলৰ বৈঠকত নিজেই হিমন্ত বিশ্ব শৰ্মাৰ নাম নেতা হিচাবে প্ৰস্তাব কৰা তথা মুকলি ভাবে এতিয়ালৈকে কোনো মন্তব্য প্ৰকাশ নকৰা বিষয়টোক লৈ সৰ্বানন্দ সোনোৱালক ছ’চিয়েল মিডিয়া প্ৰশংশাৰে উপচাই পেলাইছে ।

বিধায়িনী দলৰ বৈঠকত সোনোৱালে কয়, “দেশ ৰজাৰ বাবে নহয়, ৰজাহে দেশৰ বাবে” । হিমন্ত বিশ্ব শৰ্মালৈ মৰম স্নেহ আৰ্শীবাদ থাকিব বুলি কৈ পৰিয়ালৰ দৰে কাম কৰিবলৈ আহ্বান জনাই। আজিৰ দিনটোত ছচিয়েল মিডিয়াত বিদায়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকলৈ আৱেগৰ ঢৌ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে।

সকলোৱে সোণোৱালক সৎ, নিকা, আদৰ্শৱান আখ্যা দিছে। একাংশই ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে যে, সকলো যোগ্যতা থাকিও মুখ্যমন্ত্ৰীৰ চকীখন কোনো প্ৰতিবাদ নকৰাকৈ হিমন্ত বিশ্ব শৰ্মালৈ হাঁহি হাঁহি আগবঢ়াই দি সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ ৰাজনীতিত এক নিদৰ্শন দাঙি ধৰিলে।

পুৱা ৰাজভৱনত  ৰাজ্যপাল জগদীশ মুখীৰ হাতত সৰ্বানন্দ সোণোৱালে পদত্যাগ পত্ৰ দাখিল কৰি একেলগে হিমন্ত বিশ্বৰ সৈতে ৰাওনা হয় বিধায়িনী দলৰ বৈঠকলৈ। আৰু বিধায়িনী দলৰ বৈঠকতে সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰস্তাব কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,283 other subscribers

Leave a comment

Leave a Reply