ক’ৰ’নাৰ দ্বিতীয়টো ঢৌৱে ভাৰতত গুৰুতৰ ৰূপ ধাৰণ কৰাৰ সময়তে উচ্চতম ন্যায়ালয় ৫০ শতাংশতকৈ অধিক কৰ্মচাৰী ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ আহিছে।

ইয়াৰ ফলত উচ্চতম ন্যায়ালয়ৰ ন্যয়াধীশসকলে গুচৰৰ শুনানিসমূহ ঘৰৰ পৰা ভিডিঅ’ কমফাৰেন্সিঙৰ জৰিয়তে গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে।

উল্লেখযোগ্য যে ১০ এপ্ৰিল পৰ্যন্ত ক’ভিড-১৯ত আক্ৰান্ত হোৱা উচ্চতম ন্যায়ালয়ৰ কৰ্মচাৰীৰ আছিল ৪৪ গৰাকী।

অধিক সংখ্যক কৰ্মচাৰী ক’ভিডত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ৰ সমগ্ৰ চৌহদ ছেনিটাইজ কৰাৰ লগতে কাম-কাজবিলাক ১ ঘণ্টা পলমকৈ আৰম্ভ হয়।

ফলত আজি দিনৰ ১০.৩০ বজাৰ পৰা হ’বলগীয়া শুনানিসমূহ ১১.৩০ বজাত আৰু দিনৰ ১১ বজাৰ পৰা হ’বলগীয়া শুনানিসমূহ ১২ বজাত আৰম্ভ হয়।

উল্লেখযোগ্য যে যোৱা ২৪ ঘণ্টাত ভাৰতত ১,৬৮,৯১২ গৰাকী ব্যক্তি নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে। ফলত বৰ্তমান ক’ভিড আক্ৰান্তৰ সংখ্যা ১,৩৫,২৭,৭১৭ গৰাকীলৈ বৃদ্ধি পাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,897 other subscribers

Leave a comment

Leave a Reply