বৰপেটা : ৰাজ্যজুৰি অব্যাহত আছে ক’ভিডৰ দ্বিতীয়টো ঢৌৰ সংহাৰী ৰূপ। প্ৰতিদিনে ৰাজ্যত নতুন নতুন লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি। মৃত্যুৰ মুখতো প্ৰতিদিনে পৰি আছে বহু লোক। মহাসংকটৰ এই সময়ত প্ৰতিখন জিলাৰ প্ৰশাসন আৰু স্বাস্থ্য বিভাগ সন্মুখত পৰা ক’ভিডৰ বিৰুদ্ধে চলাই আছে যুঁজ। বৰপেটা জিলাৰ ক’ভিড বিৰোধী যুজঁখনত সহযোগিতা আগবঢ়াই পিৰামল স্বাস্থ্য ব্যৱস্থাপনা তথা গৱেষণা প্ৰতিষ্ঠানে ৫ টা অক্সিজেন কনচেনট্ৰেট’ৰ, ৮০ টা পালছ অক্সিমিটাৰ আৰু ১০০ খন ফেচ ছিল্ড বৰঙণি হিচাপে আগবঢ়ায়।

বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক অনুষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বেচ্ছাসেৱী প্ৰতিষ্ঠানটোৰ হৈ ৰাজ্যিক ৰূপান্তৰ প্ৰৱন্ধক ড: ধ্ৰুৱজ্যোতি বৰাই জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ হাতত সামগ্ৰীখিনি অৰ্পন কৰে।ৰাজ্যিক ৰূপান্তৰ প্ৰৱন্ধক গৰাকীয়ে লগতে জানিবলৈ দিয়ে যে অহা সপ্তাহত আৰু ১০ টা অক্সিজেন কনচেনট্ৰেটৰ বৰপেটা জিলা প্ৰশাসনৰ হাতৰ প্ৰদান কৰা হ’ব।

বৰপেটা জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে মহাসংকটৰ এই সময়ত স্বেচ্ছাসেৱী প্ৰতিষ্ঠানটোৱে আগবঢ়োৱা সামগ্ৰীখিনিক অমূল্য বৰঙণি বুলি অভিহিত কৰি সংস্থাটোৰ নথৈ শলাগ লয়। উপায়ুক্ত গৰাকীয়ে লগতে কয় যে এই দুৰ্যোগপূৰ্ণ পৰিস্থিতিত অ’ক্সিজেন আৰু অ’ক্সিমিটাৰৰ প্ৰয়োজনীয়তা সৰ্বাধিক। এই সামগ্ৰী সমূহে বহু লোকৰ জীৱন ৰক্ষা কৰিব পাৰে।

বৰপেটা জিলাত লক্ষণবিহীন বা সাধাৰণ লক্ষণযুক্ত ক’ভিড ৰোগীক ৰখাৰ বাবে স্থাপন কৰা ক’ভিড কেয়াৰ চেন্টাৰ সমূহলৈ এই সামগ্ৰীসমূহ প্ৰেৰণ কৰা হ’ব। ইয়াৰ দ্বাৰা নিশ্চিতভাৱে বহু আক্ৰান্ত লোক উপকৃত হ’ব বুলিও জানিবলৈ দিয়ে উপায়ুক্ত গৰাকীয়ে। উপায়ুক্ত গৰাকীয়ে আন দল, ব্যক্তি, সংগঠন সমূহকো ক’ভিড বিৰোধী যুজঁখনৰ বাবে মুক্ত হস্তে সহায়-সাহায্য আগবঢ়াবলৈ আহ্বান জনাইছে।

লগতে পঢ়ক : ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটী শ্ব’ত জিলিকিল অসমৰ চেফ হৰপল সিং

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা কাৰ্যসূচী বিষয়া ৰাজীৱ দাসে আতধৰা সভাখনত অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপ আৰু যুটীয়া স্বাস্থ্য সঞ্চালক ডা: তীৰ্থনাথ শৰ্মাও চমু ভাষণ দিয়ে। সভাত অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠক আৰু কৰ্মদেৱ ব্ৰহ্ম, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, সহকাৰী আয়ুক্ত লিনামী দাসৰ উপৰি পিৰামল ফাউণ্ডেশ্যনৰ কেবাজনো বিষয়-ববীয়া উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,897 other subscribers

Leave a comment

Leave a Reply