নিউজ ডেস্কঃ পুৱাই কাৰ্বি আংলঙৰ ডিফুত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। কাৰ্বি আংলঙৰ লংৰিথেপিত অনুষ্ঠিত বিশাল জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ। আজি ৭খনকৈ কৰ্কট ৰোগৰ চিকিৎসালয়ৰ শুভ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে।

জনসভাত প্ৰধানমন্ত্ৰী মোডীয়ে কয়- ”মই যেতিয়াই আপোনালোকৰ মাজলৈ আহিবলৈ সুযোগ পাইছো, আপোনালোকৰ মৰমৰ আৰু আত্মীয়তাক এনে লাগে যেন এয়া ঈশ্বৰৰ আশীৰ্বাদ। দূৰদূৰণিৰ পৰা আজি আমাক আশীৰ্বাদ দিবলৈ আপোনালোক আহিছে। সকলোকে মই ধন্যবাদ জনাইছো। আজি দেশে আজাদীৰ অমৃত মহোৎসৱ উদযাপন কৰি থকা সময়তে আমি বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্য জন্ম জয়ন্তী উদযাপন কৰি আছো। তেওঁৰ জীৱন দেশভক্তিৰ প্ৰেৰণা। কাৰ্বি আংলঙৰ পৰা মই দেশৰ এইগৰাকী মহান নায়কক মই শ্ৰদ্ধাঞ্জলি জনাইছো।”

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সম্পূৰ্ণ ভাষণ চাবলৈ ক্লিক কৰকঃ

লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে- ”বিজেপিৰ ডাবল ইঞ্জিনৰ চৰকাৰ য’তেই থাকে, তাতেই সকলোৰে লগত, সকলৰো বিকাশ আৰু সকলোৰে প্ৰয়াসৰ ভাৱ-ধাৰাৰে কাম কৰে। অসমৰ স্থায়ী শান্তি আৰু উন্নতিৰ বাবে যি চুক্তি হৈছিল তাক আজি বলবৎ কৰাৰ বাবে কৰিবলগীয়া কাম তীব্ৰগতিত কৰি থকা হৈছে। সেই বুজাবুজি অনুসৰি ১০০০ কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ শিলান্যাস আজি ইয়াত কৰা হৈছে। ডিগ্ৰী কলেজ, ভেটাৰিনেৰী কলেজ, কৃষি কলেজ সকলো শিক্ষানুষ্ঠানে অসমৰ যুৱপ্ৰজন্মক নতুন সুযোগ-সুবিধা প্ৰদান কৰিব…।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply