অৰুণাচল প্ৰদেশ সম্পৰ্কে বৰ্ণ-বৈষম্যমূলক মন্তব্য কৰি বিপদত পৰিছে পঞ্জাবৰ এগৰাকী YouTuber।

পাৰশ সিং নামৰ যুৱকজনে দেওবাৰে নিজৰ YouTube চেনেল ‘Paras Official’-ত দিয়া এটা ভিডিঅ’ত অৰুণাচল প্ৰদেশৰ বিধায়ক নিনং এৰিঙৰ ওপৰত বৰ্ণ-বৈষম্যমূলক মন্তব্য কৰিছিল।

তেওঁ বিধায়ক গৰাকীক ভাৰতীয় নাগৰিক নহয় বুলি কোৱাৰ লগতে অৰুণাচল প্ৰদেশ চীনৰ অংশ বুলি মন্তব্য কৰিছিল।

উক্ত ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছত বিভিন্ন লোকে যুৱকজনক তীব্ৰ গৰিহণা দিয়াৰ লগতে তেওঁৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ।

এই সম্পৰ্কে ইষ্টম’জৰ আগত অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুয়ে পাৰশ সিঙৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২৪এ / ১৫৩এ / ৫০৫(২)-ৰ অধীনত এক গোচৰ ৰুজু কৰা হৈছে বুলি জানিবলৈ দিয়ে।

‘অৰুণাচল প্ৰদেশৰ মানুহৰ প্ৰতি বিদ্বেষ আৰু অপমানসূচক মন্তব্য দিয়া ভিডিঅ’টোৰ ওপৰত ভিত্তি কৰি অৰুণাচল আৰক্ষীয়ে ইতিমধ্য তদন্ত আৰম্ভ কৰিছে,’ মুখ্য মন্ত্ৰী গৰাকীয়ে কয়।

উল্লেখযোগ্য যে নিনং এৰিঙে PUBG -ৰ নতুন সংস্কৰণ Battlegrounds Mobile India-ক ভাৰতত নিষিদ্ধ কৰিব লাগে বুলি কৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল।

ইয়াৰ পিছতে দেওবাৰে পাৰশে নিনং এৰিঙৰ উক্ত পত্ৰখনৰ কথা উত্থাপন কৰি তেওঁ দিয়া এটা ভিডিঅ’ত বিধায়ক গৰাকীৰ লগতে অৰুণাচল প্ৰদেশ সম্পৰ্কে বহুকেইটা বিৰূপ মন্তব্য প্ৰকাশ কৰে।

অৱশ্যে তেওঁৰ বৰ্ণ-বৈষম্যমূলক মন্তব্যৰ বাবে YouTube, Instagram আদিত যথেষ্ট সমালোচনাৰ সন্মুখীন হৈ YouTuber গৰাকীয়ে “Sorry Arunachal Pradesh .” শীৰ্ষক আন এটা ভিডিঅ’ৰ জৰিয়তে ‘নিজৰ ভূলৰ’ ক্ষমা খোজে।

উক্ত ভিডিঅ’ৰ উপৰি ‘Paras Official’ YouTube চেনেলত ‘মেৰে বেটে কো মাফ কৰডো (মোৰ ল’ৰাটোক ক্ষমা কৰি দিয়ক) শীৰ্ষক এক ভিডিঅ’ত যুৱকজনৰ মাতৃয়ে চকুলো টুকি তেওঁৰ পুত্ৰৰ হৈ ক্ষমা খোজা দেখা যায়।

ইয়াৰ পূৰ্বে নিনং এৰিঙে দাখিল কৰা এক অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এখন এজাহাৰৰ পঞ্জীয়ন কৰিছিল। এজাহাৰখনত বিধায়ক গৰাকীয়ে কয়, ‘এয়া কোনোপধ্যে মানি ল’ব নোৱাৰি, ই অৰুণাচল প্ৰদেশৰ লগতে সমগ্ৰ উত্তৰ-পূবৰ মানুহৰ অনুভূতিক আঘাত দিছে।‘

লগতে পঢ়ক : মৰ্ত্যত লকডাউন, ১৫০ গৰাকীতকৈ অধিক অতিথি লৈ আকাশত বিয়া পাতিলে এইহাল দৰা-কইনাই

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,873 other subscribers

Leave a comment

Leave a Reply