বৰপেটা : বৰপেটাৰ দৰে নদী প্ৰধান জিলাসমূহত পানীত ডুবগৈ মানুহ মৃত্যুৰ মুখত পৰাৰ ঘটনা প্ৰায়ে সংঘটিত হোৱা দেখিবলৈ পোৱা যায়। বৰপেটা জিলাত ৰাজ্যিক দুৰ্যোগ সহাৰি বাহিনীৰ দল আছে যদিও বিভিন্ন সময়ত এই দলে ঘটনাস্থলীত গৈ জীৱন্ত অৱস্থাত পানীত ডুব যোৱা লোকক উদ্ধাৰ কৰাটো সম্ভৱপৰ হৈ নুঠে। সেয়ে এই ক্ষেত্ৰত স্থানীয়ভাৱে উপলদ্ধ সাঁতোৰত পাকৈত লোক সকলক বুনিয়াদী প্ৰশিক্ষণৰ দ্বাৰা তাৎক্ষণিকভাৱে উদ্ধাৰ কাৰ্যত নিয়োজিত কৰি সুফল লাভ কৰিব পাৰি। বৰপেটা জিলাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ এনে উদ্ভাৱনী মূলক চিন্তাৰ ফলশ্ৰুতিতে জনিয়াত এনে এক ১৬ জনীয়া প্ৰথমটো দলক সফলতাৰে প্ৰশিক্ষণ প্ৰদান কৰা হয়।

বেকী নৈৰ পাৰতে থকা শ‌ওপুৰ প্ৰাথমিক বিদ্যালয় চৌহদত জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে আনুষ্ঠানিকভাৱে এই কাৰ্যসূচীৰ উদ্ধোধন কৰি কয় যে যিহেতু এছ ডি আৰ এফৰ পৰ্যাপ্ত সংখ্যক লোকৰ যথেষ্ঠ অভাৱ আছে সেয়ে প্ৰাথমিক পৰ্যায়ত জিলাখনৰ প্ৰতিটো ৰাজহ চক্ৰতে নৈপৰীয়া যুৱকৰ মাজৰ পৰা এনে কিছুসংখ্যক লোকক প্ৰশিক্ষণ প্ৰদান কৰি ৰাখিব পাৰিলে আপদৰ সময়ত নিশ্চয় কামত আহিব। তেওঁ পৰ্যায়ক্ৰমে এই প্ৰক্ৰিয়া অধিক সম্প্ৰসাৰিত কৰা হ’ব বুলিও উল্লেখ কৰে।কলগাছিয়া ৰাজহ চক্ৰৰ ভাৰপ্ৰাপ্ত চক্ৰ বিষয়া দীপাংকৰ কলিতাই আতঁধৰা সভাখনত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা আৰু দুৰ্যোগ প্ৰশমন প্ৰাধিকাৰীৰ জিলা প্ৰকল্প বিষয়া ড: নন্দিতা দত্ত‌ও অংশগ্ৰহণ কৰে।

বৰপেটা অগ্নি নিৰ্বাপন বাহিনীৰ আস্থান পৰিদৰ্শক মৃণাল দাসে অংশগ্ৰহণকাৰী সন্তৰণবিদ সকলক উদ্ধাৰ কাৰ্যৰ সম্পৰ্কত প্ৰাথমিক জ্ঞানৰ ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰে। তেওঁ কিদৰে পেলনীয়া ঘৰুৱা সামগ্ৰীৰে লাইফ জেকেট নিৰ্মাণ কৰি পানীৰ মাজত অধিক সময় ধৰি উদ্ধাৰ অভিযান চলাই ৰাখিব পাৰি তাৰ কৌশলৰ উপৰি আহত লোকক কিদৰে তাৎক্ষণিক সাহাৰ্য প্ৰদান কৰিব লাগে সেই বিষয়েও বুজাই কয়। আনকি অংশগ্ৰহণকাৰী সকলক বেকী নৈত নামি ব্যৱহাৰিক প্ৰশিক্ষণো প্ৰদান কৰা হয়।

লগতে পঢ়ক : খৰাং, ক’ভিড মহামাৰীত ভাৰাক্ৰান্ত অসমৰ চাহ উদ্যোগ আৰু শ্ৰমিকৰ জীৱনৰ অনিশ্চয়তা

উল্লেখযোগ্য যে প্ৰায় প্ৰতিটো এনে দুৰ্ঘটনাৰ সময়ত স্থানীয় লোকেই প্ৰাথমিক উদ্ধাৰ কাৰ্যত জড়িত হয়। সেয়ে এনে লোকসকল কিছু প্ৰশিক্ষিত হ’লে নিশ্চয় বিপদগ্ৰস্থ লোক উপকৃত হ’ব পাৰিব। বৰপেটা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণৰ এনে পদক্ষেপৰ ৰাইজে শলাগ লৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,843 other subscribers

Leave a comment

Leave a Reply