মানকাচৰ : ঠিকাৰক কেৱল ধমক দিলেই নহ’ব, বাস্তৱত কাম কৰি দেখুৱাব লাগিব। এবাৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া নিজ চকুৰে চাই যাবলৈ মন্ত্ৰী গৰাকীক আহ্বান আছুৰ। গৰাখহনীয়া এইদৰে অব্যাহত থাকিল অসমৰ মানচিত্ৰৰ নাইকিয়া হ’ব দক্ষিণ শালমাৰা সমষ্টি।

নতুন চৰকাৰখনত জলসিঞ্চন বিভাগৰ মন্ত্ৰীত্ব লাভ কৰাৰ পিছতে অধিক তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে মন্ত্রী পিয়ুষ হাজৰিকাক। বাৰিষাৰ পূৰ্বেই ৰাজ্যৰ মাথাউৰী সমূহ পৰিদৰ্শন কৰি মাথাউৰী সমূহৰ অৱস্থাৰ বুজ লোৱাত ব্যস্ত জলসিঞ্চন মন্ত্ৰী গৰাকী। ইয়াৰ মাজতে মাথাউৰী কামত গাফিলতি কৰা ঠিকাদাৰ সকলকো ধমক দিয়া দেখিবলৈ পোৱা গল মন্ত্ৰী গৰাকীয়ে।

জলসিঞ্চন মন্ত্ৰী পিয়ুষ হাজৰিকাৰ ধমক খাই ঠিকাদাৰ সকল বানৰ পূৰ্বে মাথাউৰী সমূহৰ মেৰামতিৰ কাম কিমান আগুৱাই নিয়ে ইয়াৰ উত্তৰ সময়তে পোৱা যাব কিন্তু ইয়াৰ মাজতে বহু ঠাইত খহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰিছে। সেইহে মন্ত্ৰী পিয়ুষ হাজৰিকাক ঠিকাৰক কেৱল ধমক দিলেই নহ’ব, বাস্তৱত কাম কৰি দেখুৱাব লাগিব বুলি মন্তব্য প্ৰকাশ কৰিছে আছুৱে।

নামনি অসমৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা সমষ্টিত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি ফকিৰগঞ্জৰ গলাদিগি গাঁৱৰ অধিকাংশ ইতিমধ্যে নিঃশেষ কৰি পেলাইছে। নতুনকৈ পামপাৰাৰ চতলাৰপাৰ গাঁও পঞ্চায়তৰ আমবাড়ী আৰু জেংবাড়ীত ৰুদ্ৰমূৰ্তি লৈছে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই।

আমবাড়ী আৰু জেংবাড়ীত বাৰিষাৰ পূৰ্বেই ৰুদ্ৰমূৰ্তি ধাৰণ কৰা ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই বাৰিষাৰ সময়ত কি ৰূপ ধাৰণ কৰিব ইয়াকে লৈ চিন্তিত হৈ পৰিছে গাঁও দুখনৰ ৰাইজৰ লগতে দক্ষিণ শালমাৰা আছু সমিতিয়ে। দক্ষিণ শালমাৰাৰ আছুৰ কৰ্মকর্তা সকলে জলসিঞ্চন মন্ত্ৰী পিয়ুষ হাজৰিকাক ঠিকাদাৰক ধমক দিয়াৰ লগতে কাম কৰি দেখুৱাবলৈ আহ্বান জনাইছে।

লগতে পঢ়ক : বিশিষ্ট লোকশিল্পী নিখিলেশ বৰুৱাৰ দেহাৱসান

আমবাড়ী আৰু জেংবাড়ীত ব্ৰহ্মপুত্ৰৰ নদীৰ গৰা খহনীয়াই কিমান ভয়াবহ ৰূপ ধাৰণ কৰিছে আছুৰ কৰ্মকর্তা সকলে জলসিঞ্চন মন্ত্ৰী গৰাকীক এবাৰ নিজ চকুৰে চাই আহিবলৈ আহ্বান জনাইছে। ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া এইদৰে অব্যাহত থাকিলে অসমৰ মানচিত্ৰৰ পৰা কম দিনৰ ভিতৰতেই নাইকিয়া হ’ব দক্ষিণ শালমাৰা নামৰ সমষ্টিখন বুলিও আছুৰ কৰ্মকর্তা সকলে মন্তব্য প্ৰকাশ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,285 other subscribers

Leave a comment

Leave a Reply