আমিনগাঁও : কামৰূপ জিলাৰ লাম্পী অঞ্চলত শুকুৰবাৰে জিলা প্ৰশাসনৰ উদ্যোগত ‘সম্পৰ্ক’ শীৰ্ষক এলানি কাৰ্যসূচী আৰম্ভ কৰা হয়৷ এই কাৰ্যসূচীৰ মূল লক্ষ্য হৈছে প্ৰশাসনৰ বিষয়ববীয়াসকল নিজে গৈ জিলাখনৰ বিভিন্ন ক্ষেত্ৰত পিছ পৰি থকা বা দুৰ্গম অঞ্চলসমূহৰ বিভিন্ন অভাৱ-অভিযোগ সম্পৰ্কে জনসাধাৰণৰ লগত বাৰ্তালাপ কৰা আৰু প্ৰত্যক্ষভাৱে লাভ কৰা তথ্যৰ আধাৰত সেই স্থানৰ সমস্যাসমূহ সমাধান কৰা৷ প্ৰশাসনক জনসাধাৰণৰ ওচৰলৈ নিবৰ বাবে হাতত লোৱা এই কাৰ্যসূচীলানি লাম্পী অঞ্চলত গাঁওবুঢ়াকে ধৰি স্থানীয় লোকৰ উপস্থিতিত অনুষ্ঠিত কৰা সভাত আনুষ্ঠানিকভাৱে মুকলি কৰে জিলা উন্নয়ন আয়ুক্ত নৰসিং বেয়ে৷

সভাত ৰাজহ, আৰক্ষী প্ৰশাসন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, লোক নিৰ্মাণ, জনস্বাস্থ্য কাৰিকৰী, শিক্ষা, শক্তি, স্বাস্থ্য, সমাজ কল্যাণ, কৃষি, পৰ্যটন, বন আৰু পৰিৱেশ আদি বিভাগৰ প্ৰতিনিধিসকল উপস্থিত থাকে৷ লাম্পী অঞ্চলৰ লোকসকলে নিজৰ নিজৰ অভাৱ-অভিযোগ সম্পৰ্কত পোনপটীয়াকৈ বিভাগীয় বিষয়াসকলক অৱগত কৰাৰ সুবৰ্ণ সুযোগ লাভ কৰে৷ এই ব্যৱস্থাই জনসাধাৰণৰ মনত প্ৰশাসনৰ প্ৰতি আস্থা আৰু বিশ্বাসৰ ভাৱ জগাই তুলিছে৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে বৃহস্পতিবাৰে হৈ যোৱা পৰ্যালোচনা সভাত জিলাখনৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কামৰূপ জিলাক প্ৰতিটো ক্ষেত্ৰতে ৰাজ্যৰ আদৰ্শ জিলা হিচাপে গঢ়ি তুলিব লাগিব বুলি মন্তব্য কৰিছিল৷

আৰু পঢ়কঃ  গুৱাহাটীত তিনি বজালৈকে ব্যৱসায়িক প্ৰতিষ্ঠান খোলা থাকিব আৰু ৪ বজাৰ পৰা সান্ধ্য আইন

এই সভাতে তেওঁ সকলো খণ্ড তথা অঞ্চলৰ সমস্যা সামৰি এখন সংহত ভৱিষ্য নথি প্ৰস্তুত কৰিবলৈও নিৰ্দেশনা দিছিল যাতে অগ্ৰাধিকাৰ ভিত্তিত এই সকলোবোৰ সমাধান কৰিব পাৰি৷ শুকুৰবাৰে আৰম্ভ কৰা সম্পৰ্ক কাৰ্যসূচীয়ে প্ৰশাসনক জনসাধাৰণৰ ওচৰ চপাই লৈ যোৱাৰ লগতে জনসাধাৰণকো এপইচাও খৰচ নকৰাকৈ পদূলি মুখতে প্ৰতিটো বিভাগৰ বিষয়াসকলক একেখন মঞ্চতে লগ পোৱাৰ সুযোগ প্ৰদান কৰিছে৷ ইয়াৰ জৰিয়তে তেওঁলোকে প্ৰতিটো বিভাগৰ কাম-কাজ সম্পৰ্কেও ধাৰণা কৰিবলৈ সক্ষম হৈছে৷ এই প্ৰক্ৰিয়া অব্যাহত থাকিব আৰু জিলাখনৰ প্ৰতিটো পিছ পৰা তথা দুৰ্গম অঞ্চলক সামৰি ল’ব৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,118 other subscribers

Leave a comment

Leave a Reply