অসম আৰক্ষীৰ বিশেষ শাখাৰ উপ–পৰিদর্শক মুশ্বাদিক হুছেইন

নিউজ ডেস্ক: ড্ৰাগছ মাফিয়াৰ সৈতে গোপন সম্পৰ্ক বজাই ৰখা আৰু এই ব্যৱসায়ত জড়িত থকাৰ অভিযোগত গ্রেপ্তাৰ হোৱা অসম আৰক্ষীৰ বিশেষ শাখাৰ উপ–পৰিদর্শক মুশ্বাদিক হুছেইনক নিলম্বিত কৰিছে | ক্রাইম ব্রাঞ্চে বিষয়াজনৰ বাসগৃহত তালাচী অভিযান চলায়৷ ধৃত হুছেইনৰ মহানগৰীৰ নুনমাটিৰ ১নং আনন্দনগৰস্থিত ২নং বাসগৃহত নুনমাটি থানাৰ আৰক্ষীৰ সহযোগত অভিযান চলাই ড্ৰাগছৰ সন্ধান কৰে৷

মহানগৰ আৰক্ষীৰ ক্রাইম ব্রাঞ্চে যোৱা ৪ মার্চত লালমাটিৰ হোটেল ব্রু’জ গেষ্ট হাউছত অভিযান চলাইছিল৷ বশিষ্ঠ থানাৰ আৰক্ষীৰ সহযোগত ক্রাইম ব্রাঞ্চে অভিযান চলাই গেষ্ট হাউছটোৰ এটা কোঠাত থকা আলমাৰিৰ পৰা প্রায় ৩ কিলোগ্রাম ওজনৰ ডব্লিউ আই নামৰ নিচাজাতীয় টেবলেট জব্দ কৰিছিল৷ এই নিচাজাতীয় টেবলেট সৰবৰাহত জড়িত থকা মনোহৰ প্রধান আৰু জেনেট ৰাম নেমচিম নামৰ লোক দুজনক গ্রেপ্তাৰ কৰি এন ডি পি এছ আইনৰ ২২ (চি)/২৯ ধাৰাত ৪১৬/২১ নম্বৰৰ এটা গোচৰ ৰুজু কৰা হয়৷

ক্রাইম ব্রাঞ্চে গ্রেপ্তাৰ কৰা লোক দুজনৰ ম’বাইল ফোনত হোৱাটছএপ খুলি চোৱাত এই ড্ৰাগছ সৰবৰাহকাৰী চক্রটোৰ সৈতে অসম আৰক্ষীৰ বিশেষ শাখাৰ উপ–পৰিদর্শক মুশ্বাদিক হুছেইন জড়িত থকাৰ চাঞ্চল্যকৰ তথ্য লাভ কৰে৷ ইয়াৰ পাছতে ক্রাইম ব্রাঞ্চৰ তদন্তকাৰী বিষয়াই ধৃত লোক দুজনক এই সম্পর্কে সোধা–পোছা কৰাত অবৈধ ড্ৰাগছৰ বেহাত মুশ্বাদিক হুছেইন জড়িত থকাৰ কথা স্বীকাৰ কৰে৷ এই স্বীকাৰোক্তিৰ ভিত্তিত ক্রাইম ব্রাঞ্চে আৰক্ষী বিভাগক কলংকিত কৰা মুশ্বাদিক হুছেইনক গ্রেপ্তাৰ কৰে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply