মঙলদৈ, প্ৰবীণ বৰুৱাঃ ছিপাঝাৰত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। ছিপাঝাৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা । নম্বৰ প্লেট বিহীন তীব্ৰ বেগী ট্ৰাকে মহতিয়াই নিলে দুই বাইক আৰোহীক৷
এই দুৰ্ঘটনাত থিতাতে নিহত হৈছে এজন বাইক আৰোহী৷ ইফালে, আনজনক সংকট জনক অৱস্হাত গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে৷ দুৰ্ঘটনাটোত থিতাতে নিহত হোৱা লোক জন পবিত্ৰ ডেকা বুলি চিনাক্ত কৰা হৈছে৷
আনহাতে, গুৰুতৰ ভাবে আহত হিতেশ্বৰ ডেকা নামৰ লোকজন৷ দুৰ্ঘটনা সংঘটিত কৰা মঙলদৈ অভিমুখী নম্বৰ বিহীন ইটা ভৰ্তি ট্ৰাক খনৰ চালকক ছিপাঝাৰ আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে ৷