কৰোনা সংক্ৰমণ

নিউজ ডেস্ক: অসমত আকৌ ৭০জন লোক আক্ৰান্ত কোৰোনা ভাইৰাছত।
এতিয়ালৈকে ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৮৭৪০জনলৈ পাইছে বৃদ্ধি। সোমবাৰৰ দিনটোত সুস্থ হৈছে ৬০জন লোক। এতিয়ালৈকে আৰোগ্য হোৱা লোকৰ সংখ্যা ২১৫৬৫৭জনলৈ বৃদ্ধি পাইছে।
ইফালে, চিকিৎসাধীন হৈ আছে ৬২৭জন ৰোগী।
আনহাতে, এতিয়ালৈকে কোৰোনাত আক্ৰান্ত হৈ অসমত মৃত্যু হৈছে ১১০৯জন লোকৰ।
লখিমপুৰত হোটেল নেপল’লীফত কোৰোনাৰ সংক্ৰমণৰ আতংক ।
হোটেলখনত থকা ৯ জন লোকৰ দেহত কোৰোনাৰ সংক্ৰমণৰ ঘটনা। বৰঝাৰ বিমান বন্দৰৰ টাৰ্মিনেল নিৰ্মাণৰ কামত জড়িত আছিল লোক কেইজন।
প্ৰশাসনে তৎকালীন ভাৱে বন্ধ কৰে হোটেল নেপল’লীফ।

অহা ৯ এপ্ৰিলৰ পৰা অসমৰ বিমান বন্দৰত বাধ্যতামূলক আৰ টি- পি চি আৰৰ টেষ্টৰ নিগেটিভ ৰিপৰ্ট। যাত্ৰীসমূহে ৭২ ঘণ্টাৰ ভিতৰত টেষ্ট কৰোৱা হ’ব লাগিব এই ৰিপৰ্টসমূহ। বিশেষকৈ মুম্বাই আৰু বাংগালুৰোৰ পৰা লোকসকলৰ বাবে এই নিৰ্দেশনা বাধ্যতামূলক। নহ’লে যাত্ৰীয়ে বিমান বন্দৰত টেষ্ট কৰায় ৰিপৰ্ট নহা পৰ্যন্ত আচুতীয়াকৈ হোটেলত যাত্ৰীয়ে নিজ খৰচত থাকিব লাগিব।

দেশৰ ৰাজধানী দিল্লীত কোৰোণা ভাইৰাছে পুনৰ ত্ৰাসৰ সৃষ্টি কৰিছে। পৰিস্থিতিলৈ লক্ষ্য ৰাখি অৰবিন্দ কেজৰিৱাল চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। দিল্লী চৰকাৰে দেশৰ ৰাজধানীত তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ নৈশ সান্ধ্য আইন ঘোষণা কৰিছে। আজিৰে পৰা ৩০ এপ্ৰিললৈ বলৱৎ হ’ব এই সান্ধ্য আইন।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  ৮ এপ্ৰিলত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে কোৰোণা ভাইৰাছ ৰ বৰ্ধিত ঘটনা আৰু ইয়াৰ বিৰুদ্ধে অব্যাহত থকা টিকাকৰণৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত আলোচনা কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply