গুৱাহাটী: অসম বিধানসভাৰ ২৭ মাৰ্চ, ১ এপ্ৰিল আৰু ৬ এপ্ৰিলত হ’ব লগীয়া ভোটদানৰ সময়ত ভোটাৰৰ হাতত ভোটাৰ কাৰ্ড নাথাকিলে কেনেকৈ ভোট দিব পাৰিব | তাৰ বাবে নিৰ্বাচন আয়োগে কেতবোৰ নিয়ম বান্ধি দিছে , য’ত ভোটাৰ জনে ভোটাৰ কাৰ্ড নহলেও ভোটদান কৰিব পাৰিব | ইয়াৰ বাবে নিৰ্বাচন আয়োগে ১১ বিধ নথি পত্ৰক ভোটাৰ পৰিচয় পত্ৰৰ বিকল্প নথি হিচাপে গণ্য কৰিছে । এই ১১ বিধ নথি দেখুৱাই কোনো এজন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব ।

সেই নথি সমূহ হ’ল –

Φ আধাৰ কাৰ্ড
Φ মহাত্মা গান্ধী এনৰেগাৰ জৱকাৰ্ড
Φ বেংক আৰু ডাকঘৰৰ ফটোযুক্ত পাছবুক
Φ শ্ৰম মন্ত্ৰ্যালয়ৰ অধীনত প্ৰদান কৰা হেল্থ ইনচুৰেঞ্চ কাৰ্ড
Φ ড্ৰাইভিং লাইচেঞ্চ
Φ পেন কাৰ্ড
Φ ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীৰ অধীনত ভাৰতৰ মহা পঞ্জীয়কে প্ৰদান কৰা স্মাৰ্ট কাৰ্ড
Φ পাছপ’ৰ্ট
Φ ফটোগ্ৰাফৰ সৈতে পেঞ্চনৰ নথি
Φ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগতে ৰাজহুৱা সেৱা খণ্ড বা পাব্লিক লিমিটেড কোম্পেনীৰ চাকৰিয়ালৰ ফটোযুক্ত পৰিচয় পত্ৰ
Φ সাংসদ,বিধায়ক বা বিধান পৰিষদৰ সদস্য সকলৰ পৰিচয় পত্ৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply