গুৱাহাটী: বৃহস্পতিবাৰে নিশাৰ ভাগত ৰাজ্যত ধুমুহা-বৰষুণ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা-বৰষুণৰ লগতে শিলাবৃষ্টিৰ তাণ্ডৱ। প্ৰকাণ্ড গছ পৰি বৰপেটা জিলাত এগৰাকী মহিলাৰ মৃত্যু।
ৰাজ্যজুৰি ৰঙালী বিহুৰ আনন্দৰ মাজতে বৃহস্পতিবাৰে নিশাৰ ভাগত ৰাজ্যৰ বিভিন্ন প্ৰান্তত তাণ্ডৱ চলায় ধুমুহা-বৰষুণে। গৰু বিহুৰ দিনাই অহা ধুমুহা আৰু বৰষুণৰ ফলত বিস্তৰ ক্ষতিসাধন হোৱা পৰিলক্ষিত হয়।
বৰপেটা জিলাৰ জনীয়াত ধুমুহাত ঘৰৰ ওপৰত এটা প্ৰকাণ্ড গছ পৰি যোৱাত গছৰ চেপাত মৃত্যু হয় এগৰাকী ৩০ বছৰীয়া মহিলাৰ। জিলাখনৰ বহু অঞ্চলত ধুমুহা আৰু বৰষুণৰ ফলত বিস্তৰ ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক –