নিউজ ডেস্ক: মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে বিগত উচ্চতৰ মাধ্যমিক পৰীক্ষাত ভাল ফলাফল প্ৰদৰ্শন কৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত স্কুটীৰ বিতৰণ কৰা হয়।

অসম চৰকাৰৰ প্ৰজ্ঞা ভাৰতী আঁচনিৰ অধীনত সমগ্ৰ ৰাজ্যত মুঠ ৩৫,৮০০ গৰাকী পৰীক্ষাৰ্থীলৈ ড০ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰা হয়। ইয়াৰে ২৯,৭৪৮ গৰাকী ছাত্ৰী আৰু ৬,০৫২ জন ছাত্ৰ।

উল্লেখযোগ্য যে অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে অনুষ্ঠিত কৰা এই বঁটা লাভ কৰিবলৈ এজন ছাত্ৰই ৭৫ শতাংশ নম্বৰ লাভ কৰাৰ বিপৰীতে ছোৱালীৰ ক্ষেত্ৰত এই হাৰ ৬০ শতাংশ।

বুধবাৰে বঁটা প্ৰদান অনুষ্ঠান শুভৰাম্ভ কৰি মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বঁটাক ছাত্ৰ-ছাত্ৰীসকলৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ উপহাৰ বুলি উল্লেখ কৰে। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক ইয়াক সমাজৰ আশীৰ্বাদ হিচাপে গণ্য কৰিবলৈ আহ্বান জনায়।

সভাত মুখ্য মন্ত্ৰীয়ে অসম চৰকাৰে ছাত্ৰীসকলৰ বাবে আনিবলগীয়া এখন নতুন আঁচনিৰ কথাও ঘোষণা কৰে। উক্ত আঁচনিৰ অধীনত ৰাজ্যৰ স্বীকৃতিপ্ৰাপ্ত শিক্ষা প্ৰতিষ্ঠানত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি থকা ছাত্ৰীসকলক বছৰি ১০ হেজাৰ টকাৰ পাৰিতোষিক প্ৰদান কৰা হ’ব।

খানাপাৰাৰ পশু চিকিৎসালয় খেলপথাৰত অনুষ্ঠিত উক্ত সভাত শিক্ষা মন্ত্ৰী ৰণোজ পেগু, কৃষি মন্ত্ৰী অতুল বৰা, পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আদি উপস্থিত থাকে।

লগতে পঢ়ক – নুমলীগড় শোধনাগাৰ পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply