নিউজ ডেস্ক- গুৱাহাটীৰ শিলসাঁকো বিলত উচ্ছেদ অভিযানৰ ঘটনা সন্দৰ্ভত অসম মানৱ অধিকাৰ আয়োগে কামৰূপ মেট্ৰ’ জিলা প্ৰশাসনক দণ্ডাধীশ পৰ্যায়ৰ তদন্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।

জানিব পৰা মতে, এ এইচ আৰ চিৰ গোচৰ নং ৩ৰ ওপৰত ভিত্তি কৰি ২০২২/২৩ (৯)/৩ৰ ৪৬২৭ নম্বৰত কামৰূপ মেট্ৰ’ৰ জিলা উপায়ুক্তই অতিৰিক্ত জিলা দণ্ডাধীশ প্রিয়াংশু ভৰদ্বাজক উক্ত বিষয়টোৰ তদন্ত কৰি অহা সাত দিনৰ ভিতৰত এই তথ্যসমূহ মানৱ অধিকাৰ আয়োগৰ আগত দাখিল কৰাৰ দায়িত্ব অর্পণ কৰিছে। লগতে কামৰূপৰ সহকাৰী আয়ুক্ত তথা কাৰ্যবাহী দণ্ডাধীশে ভাস্কৰ জ্যোতি কলিতাক তদন্তৰ কালছোৱাত প্রিয়াংশু ভৰদ্বাজক সহায় কৰিবলৈ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকাৰণে শিলসাঁকোত প্ৰায় ১৬৫০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য লৈ চলাইছিল এক উচ্ছেদ অভিযান। এই অভিযানত ভিআইপি পথৰ চচল অঞ্চলৰ সমীপৰ শিলসাঁকো বিলত অবৈধভাৱে নিৰ্মাণ কৰা প্ৰায় ২৫০টা ঘৰ উচ্ছেদ কৰা হয়। 

তথ্য অনুসৰি শিলসাঁকো বিলত প্ৰায় ১৮০০ বিঘা মাটি আছে,  ইয়াৰে ১২০০ বিঘা মাটি বেদখলকাৰীৰ কবলত। আনহাতে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকাই কয়, ‘শিলসাঁকোৰ মুঠ ১২০০ বিঘা মাটি বেদখলকাৰীৰ নিয়ন্ত্ৰণত আছে। এই সময়ত সকলোকে এবাৰতে উচ্ছেদ কৰাটো সম্ভৱ নহয়।’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply