বোকাখাত, উত্তম কুমাৰ শৰ্মা: মুৰৰ পৰাই গেলিবলৈ আৰম্ভ কৰিছে সৰ্বাধিক ৰাজহ সংগ্ৰহৰে চৰ্চাত থকা ৰাজ্যৰ আবকাৰী বিভাগ। বোকাখাতত শেহতীয়াকৈ স্বৰূপ প্ৰকাশ পাইছে বিভাগটোৰ।
বোকাখাত মহকুমাৰ অলিয়ে গলিয়ে এতিয়া সুলভ হৈ পৰিছে মৃত্যুদূত ৰূপী অবৈধ দেশীয় সুৰাৰ ঘাটি। কাঠফুলাৰ দৰে বৃদ্ধি পোৱা এইসমুহ অবৈধ দেশীয় সুৰাৰ ঘাটিয়ে এতিয়া বিপদ মাতিছে নৱপ্ৰজন্মলৈ। ইফালে চুলাই মদৰ বাবেই বিভিন্ন সময়ত প্ৰাণ হেৰুৱাইছে অঞ্চলটোৰ বহু উঠি অহা যুৱকে।

উল্লেখযোগ্য যে গোলাঘাটৰ “চুলাই কাণ্ডই” সমগ্ৰ দেশ জোকাৰি যোৱাৰ পাছতো শিক্ষা নল’লে বোকাখাতৰ অবৈধ চুলাই ব্যৱসায়ীৰ লগতে আবকাৰী বিভাগে।

বোকাখাতৰ মহকুমাৰ বালিজান, ধপলিয়া,পানবাৰী, লখৌজান, চাপৰি গাওঁ, গড়মুৰ, ভূঞা গাওঁ, দ গাওঁ, বৰটিকা, ভকত চাপৰি, কুৰুৱাবাহীৰ ৰাজগড়, কহঁৰা, বাগৰী আদি অঞ্চলৰ লগতে বোকাখাত নগৰৰ মাজ মজিয়াত বৰ্তমানেও সক্ৰিয় অৱস্থাত আছে অসংখ্য চুলাই মদৰ ভাটি তথা বিক্ৰী কেন্দ্ৰ।লগতে এটা দুষ্ট চক্ৰই সাধাৰণ শ্রমিক শ্ৰেণীৰ লোকক টার্গেট কৰি বোকাখাতৰ চাহ জনগোষ্ঠী প্ৰধান অঞ্চলবোৰতো গোপনে চলাই আছে অবৈধ চুলাইৰ ৰমৰমীয়া ব্যৱসায়।

মহকুমাটোৰ অন্তৰ্গত কেইবাটাও অঞ্চলত আবকাৰী বিভাগে বিভিন্ন সময়ত অভিযান চলাই যথেষ্ট পৰিমাণৰ অবৈধ চুলাইৰ লগতে মদ বনোৱা পাছ তথা যথেষ্ঠ সংখ্যক চুলাই মদ বনোৱা সঁজুলি জব্দ কৰি নষ্ট কৰিবলৈ সক্ষম হৈছে যদিও এই অবৈধ কাৰবাৰৰ লগত জড়িত কোনো লোককে গ্ৰেপ্তাৰ অথবা গোচৰ ৰুজু কৰাৰ তথ্য দিয়াৰ পৰা ৰহস্যজনক ভাৱে বিৰত থাকে বিভাগটো।

অভিযোগ উত্থাপিত হৈছে- কেৱল নিয়ম মাফিক অবৈধ চুলাইৰ ঘাটি উচ্ছেদৰ নাটক কৰা বিভাগটোৰ একাংশ বিষয়া কৰ্মচাৰীৰে গোপন মিতিৰালি আছে অবৈধ চুলাই ব্যৱসায়ীৰ। যাৰ বাবে বিভাগটোৱে চলোৱা অভিযানৰ পূৰ্বেই গোপনে খৱৰ যোগান ধৰা হয় চুলাইৰ ঘাটি সমুহত,ফলত উচ্ছেদৰ পূৰ্বেই পলাই সাৰে চুলাই ঘাটিৰ গৰাকী।

অৱশ্যে বিভাগটোৰ একাংশ বিষয়া কৰ্মচাৰী বিৰুদ্ধে উঠা অভিযোগৰ বিপৰীতে চৰকাৰী সা-সুবিধাৰ অভাৱৰ ফলতহে অভিযান কালত বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা বুলিহে মন্তব্য কৰে বিভাগটোৰ সহকাৰী পৰিদৰ্শক গৰাকীয়ে। তথ্য মতে মাত্ৰ ৭গৰাকী বিষয়া-কৰ্মচাৰীৰে পৰিচালিত হৈ আছে বোকাখাতৰ আবকাৰী বিভাগ। এখন আওপুৰণি বাহন আছে যদিও সময়ত তেল ভৰাবলৈও অসুবিধা হয় গাড়ীত‌।মহিলা কৰ্মচাৰীৰ অভাৱো বিভাগটোৰ অভিযানৰ সময়ত এক সমস্যাৰ অন্যতম কাৰণ।

বোকাখাত মহকুমাৰ হাজাৰ হাজাৰ সাধাৰণ শ্রমিক পৰিয়ালৰ লগতে নৱপ্ৰজন্মৰ স্বাস্থ্য আৰু পৰিয়াল ধ্বংসৰ অন্যতম কাৰণ হৈ পৰা অবৈধ চুলাই মদৰ ঘাটি সমুলঞ্চে ধ্বংস কৰাৰ লগতে এই অবৈধ বেহাৰ লগত জড়িত সকলৰ বিৰুদ্ধে বোকাখাতৰ মহকুমাধিপতিক কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে মহকুমাটোৰ সচেতন ৰাইজে।

লগতে পঢ়ক – অসম অৰুণাচল সীমান্তত সীমা বিবাদে পৰিস্থিতি গৰম কৰিছে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply