মঙলদৈ: মঙলদৈত সামাজিক সংকীৰ্ণতাৰ বলি হোৱা প্ৰয়াত অতুল শৰ্মাৰ পত্নী প্ৰনীতা দেৱীক উদ্দেশ্যী সামাজিক মাধ্যমত অপমানসূচক প’ষ্ট দিয়া একাংশ লোকৰ বিৰুদ্ধে কোচ ৰাজবংশী সন্মিলনীয়ে এজাহাৰ দাখিল কৰিছে।

শনিবাৰে মঙলদৈৰ চিলাৰায় ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে এই কথা সদৰী কৰে।

সংবাদমেলত অতুল শৰ্মাৰ পত্নীক কেইজনমান লোকে চচিয়েল মিডিয়াত আপত্তিজনক মন্তব্য প্ৰকাশ কৰি ‘সামাজিক আৰু মানসিকভাৱে নিশেষ কৰিবলৈ উঠি পৰি লগা’ বুলি প্ৰকাশ কৰি কোচ ৰাজবংশী সন্মিলনীয়ে এনে অশ্লীল প’ষ্ট দিয়াসকলৰ বিৰুদ্ধে মঙলদৈ থানাত এজাহাৰ দাখিল কৰা জানিবলৈ দিয়ে।

আজি সংগঠনটোৱে আৰক্ষী থানাত দিয়া এজাহাৰত উল্লেখ কৰা চাৰিজন লোক হৈছে প্ৰাঞ্জল শৰ্মা, (নলবাৰী) মনোৰঞ্জন শৰ্মা, ধীৰাজ কুমাৰ শৰ্মা আৰু ভৃগু শৰ্মা। ইয়াৰ পূৰ্বে শুকুৰবাৰে তেওঁলোকে ৮ জন লোকৰ বিৰুদ্ধে এজাহাৰ দিছিল যদিও এতিয়ালৈকে মাত্ৰ এজনক আটক কৰিয়েই আৰক্ষীয়ে দায়িত্ব সামৰিছে বুলি সংগঠনটোৱে ক্ষোভ প্ৰকাশ কৰে।

অহা ১৬ আগষ্টৰ ভিতৰত আৰক্ষীয়ে যদি এজাহাৰত নাম উল্লেখ কৰা আটাইকেইজন লোকক আটক নকৰে তেন্তে কোচ ৰাজবংশী সন্মিলনীয়ে অসম জুৰি আন্দোলন চলাব বুলি সংবাদমেলত সকিয়াই দিয়ে।

আজিৰ সংবাদমেলত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি প্ৰনব নাৰায়ণ দেৱ, দৰং জিলা সমিতিৰ সম্পাদক হিৰন্য ৰাজবংশী, সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ যুৱসংগঠনৰ সম্পাদক জয়ন্ত ডেকা লগতে আন বিষয়-ববিয়া উপস্থিত থাকে।

লগতে পঢ়ক – বলীউড অভিনেতা আমিৰ খানক অসমলৈ আহিবলৈ বাধা দিলে মুখ্যমন্ত্ৰীয়ে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply