গুৱাহাটী: অসমত প্ৰসূতি আৰু নৱজাতকৰ মৃত্যুৰ হাৰ যথেষ্ট হ্ৰাস পাইছে৷ দেশৰ স্বাস্থ্য সেৱা সূচকতো অসমে যথেষ্ট উন্নত প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে৷
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে গুৱাহাটীস্থিত অসম জল ভৱনত আই পি এ এছ ফাউণ্ডেশ্যনৰ সহযোগত দুদিনীয়াকৈ আয়োজন কৰা স্বাস্থ্য মন্থনত এই তথ্য প্ৰকাশ পাইছে৷ মঙলবাৰে সফলতাৰে সমাপ্তি ঘটা অনুষ্ঠানত অসমৰ স্বাস্থ্য খণ্ডত ক্ৰমাৎ হোৱা উন্নতিৰ কথা প্ৰকাশ কৰাৰ লগতে অধিক উন্নতি কিদৰে কৰিব পাৰি তাৰ বিস্তৃত পৰ্যালোচনা কৰা হয়৷
অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত, স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অভিযান সঞ্চালক ড॰ এম এছ লক্ষ্মীপ্ৰিয়া, স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ সঞ্চালক ড॰ নীলমাধৱ দাস আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ মুখ্য কাৰ্যালয়ৰ লগতে জিলা কৰ্মকৰ্তাসকলৰ উপস্থিতিত অনুষ্ঠিত কৰ্মশালা আৰু পৰ্যালোচনা সভাত অসমৰ জিলা চিকিৎসালয়সমূহ কাৰ্যক্ষম কৰা সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়৷
স্বাস্থ্য মন্ত্ৰী মহন্তই উদ্বোধন কৰা অনুষ্ঠানত প্ৰতিখন জিলাৰ স্বাস্থ্য সেৱা প্ৰদৰ্শনৰ ভিত্তিত জিলা অনুসৰি কৰা পৰ্যালোচনা সভাত শিশু আৰু মাতৃসকলৰ স্বাস্থ্য কেনেদৰে উন্নত কৰিব পাৰি সেই বিষয়ে বিশদভাৱে আলোচনা কৰা হয়৷
পৰ্যালোচনা সভাত ৰাজ্য আৰু জিলাৰ শ্ৰেষ্ঠ স্বাস্থ্য সেৱা প্ৰদৰ্শকসকলক স্বাস্থ্য মন্ত্ৰী মহন্তই তেওঁলোকৰ নিজ নিজ জিলাসমূহৰ স্বাস্থ্য সেৱা উন্নত কৰাৰ বাবে তেওঁলোকে কৰা কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ বাবে সম্বৰ্ধনা জনায়৷ উল্লেখযোগ্য যে শেহতীয়া পৰিসংখ্যা অনুসৰি অসমে স্বাস্থ্য সেৱা সূচকত যথেষ্ট পৰিমাণে উন্নতি দেখুৱাবলৈ সক্ষম হৈছে৷
২০২২-২৩ বৰ্ষৰ এপ্ৰিল–ছেপ্টেম্বৰত আৰু ২০২১-২২ বৰ্ষৰ এপ্ৰিল–ছেপ্টেম্বৰত অসমত প্ৰসূতিৰ মৃত্যুৰ সংখ্যা ৩৮৪গৰাকীৰ বিপৰীতে ২৮৯গৰাকীলৈ হ্ৰাস পোৱা বুলি জনা গৈছে৷ দুটা বছৰত এই হাৰ ২৫ শতাংশলৈ হ্ৰাস পাইছে৷ ইফালে ২০২২-২৩ বৰ্ষৰ এপ্ৰিল–ছেপ্টেম্বৰ মাহ আৰু ২০২১-২২ চনৰ এপ্ৰিল–ছেপ্টেম্বৰত ৰাজ্যত শিশুৰ মৃত্যুৰ সংখ্যা ৩,৮৪২টিৰ পৰা ৩,৫২৩টিলৈ হ্ৰাস পায়৷
বছৰটোত শিশুৰ মৃত্যুৰ হাৰ(৮.৩ শতাংশ হ্ৰাস পায়৷ স্বাস্থ্য মন্ত্ৰী মহন্তই স্বাস্থ্য সূচকৰ মান উন্নীতকৰণৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে কৰা প্ৰচেষ্টাৰ শলাগ লয়৷ আজিৰ সভাতেই স্বাস্থ্য মন্ত্ৰীজনে অসমৰ বাবে কেইবাটাও স্বাস্থ্য সম্বন্ধীয় কাৰ্যসূচীৰ ৰাজ্যিকভাৱে শুভাৰম্ভ কৰে৷
ইয়াৰ ভিতৰত এছ এন চি ইউ, টেলি মানস কাৰ্যসূচী, এইচ বি এন চি আৰু এ এন চি সেৱাৰ বাবে নিৰীক্ষণ পদ্ধতি, জলবায়ু পৰিৱৰ্তন দিৱস পালন আদি অন্যতম৷
যদি বৰপেটাত বিজেপিয়ে নিজাববীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰাটো নিশ্চিত হয়, তেন্তে ৰাজ্য চৰকাৰৰ মন্ত্ৰীক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ কথা দলত চৰ্চা চলিছে৷
বিশেষকৈ ধৰ্মপুৰ সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ কথা দলে এই মুহূৰ্তত অগ্ৰাধিকাৰ ভিত্তিত বিবেচনা কৰিছে৷ তাৰ মাজতেই মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ নামো দলে এই মুহূৰ্তত চৰ্চালৈ আনিছে৷ কিন্তু প্ৰাৰ্থী যিয়েই নহওক কিয়, এই তিনিটা সমষ্টি দখল কৰাৰ বাবে আগতীয়াকৈ দলে ৰণ-নীতি আৰম্ভ কৰিছে৷
লগতে পঢ়ক – মন্ত্ৰী-বিধায়ক প্ৰক্ষেপেৰে লোকসভা সমষ্টি দখলৰ ব্লু-প্ৰিণ্ট বিজেপিৰ