বোকাখাত, উত্তম কুমাৰ শৰ্মা: অৱশেষত বোকাখাতৰ পানবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত মৃত্যুক সাৱতিলে মৰিয়নি শিলিখা চাহ বাগিচাৰ পৰা উদ্ধাৰ কৰা মাইকী নাহৰফুটুকী বাঘজনীয়ে।
২৪ ফেব্ৰুৱাৰীত আঘাতপ্ৰাপ্ত নাহৰফুটুকী জনীক লৈ অহা হৈছিল বোকাখাতৰ পানবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ আৰু চিকিৎসাধীন অৱস্থাতে সোমবাৰে পূৱা ৬.৪৭ বজাত মৃত্যু বাঘজনীৰ হয়।
সোমবাৰে মৰণোত্তৰ পৰীক্ষাৰ অন্তত দুপৰীয়া ৰাষ্ট্ৰীয় উদ্যানখনৰ বোকাখাত বন খণ্ডৰ অন্তৰ্গত মদাৰজুৰি বনশিবিৰৰ কাষতে বন বিভাগৰ লোকৰ উপস্থিতত দাহ কাৰ্য সমাপন কৰা হয় মৃত বাঘজনীৰ।
উল্লেখযোগ্য যে মৰিয়নিৰ শিলিখা চাহ বাগিচাৰ এটা নলাৰ পৰা উদ্ধাৰ কৰা আঘাতপ্ৰাপ্ত নাহৰফুটুকীজনীক অতি নিৰ্লজ্জভাৱে বন বিভাগৰ সমুখতে একাংশ লোকে ৰাস্তাত চোচোৰাই আতিশয্য চলাইছিল।
বন বিভাগৰ লোকে আঘাতপ্ৰাপ্ত বাঘজনী ধৰি দিয়াৰ বিনিময়ত টকাৰ প্ৰলোভন দিছিল শ্ৰমিকক।
একাংশ লোকে আঘাতপ্ৰাপ্ত বাঘজনী বহু দুৰলৈ চোচোৰাই নিয়া দেখিও উপস্থিত বন কৰ্মী আৰু আৰক্ষীৰ লোক আগবাঢ়ি অহাৰ বিপৰীতে নিৰৱ দৰ্শকক হৈ চায় থাকিল৷
আঘাতপ্ৰাপ্ত বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ সামান্যতম ব্যৱস্থাও হাতত লোৱা নাছিল বন বিভাগে ৷
পুৱাৰ ভাগতে ঘটনা সন্দৰ্ভত চাহ বাগিচাৰ লোকসকলে বন বিভাগক অৱগত কৰায় যদিও ৭ ঘন্টা ধৰি বাগিচাৰ নলাটোতে আৱদ্ধ হৈ থাকে আঘাতপ্ৰাপ্ত নাহৰফুটুকী বাঘজনী ৷
অৱশেষত স্থানীয় লোকৰ হতুৱাই আঘাত প্ৰাপ্ত বাঘজনী উদ্ধাৰ কৰোৱাছিল বন বিভাগে।
ইফালে বোকাখাতৰ পানবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰটোৰ চিকিৎসকে প্ৰকাশ কৰা মতে প্ৰায় ৮মহীয়া নাহৰফুটুকীজনী ৰোগাক্ৰান্ত আছিল ৷বাঘজনী দুৰ্বল হৈ থকাৰ বাবেহে একাংশই নেজত ধৰি চোচৰাই আনিবলৈ সক্ষম হৈছিল। অৱশ্যে বাঘজনীৰ দেহৰ বিভিন্ন অংশত গুৰুত্বৰ আঘাতৰ চিন দেখা গৈছে।
লগতে পঢ়ক – ইউক্ৰেইনৰ ওপৰত আক্ৰমণ বন্ধ কৰিব নে ৰাছিয়াই? আজি আলোচনাত বহিব দুয়োখন দেশ