কমাৰগাঁও, চন্দন বৰা: গোলাঘাট জিলা আৰক্ষীৰ উদ্যোগত নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে আন্তঃজিলা আৰক্ষী থানা ফুটবল প্ৰতিযোগিতা।
দেওবাৰে গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক সুমিত শৰ্মাই আনুষ্ঠানিকভাৱে উদ্ধোধন কৰা প্ৰতিযোগিতাৰ প্ৰথমখন খেল দেৰগাঁও আৰক্ষী থানা আৰু ঘিলাধাৰী আৰক্ষী থানাৰ মাজত অনুষ্ঠিত হয়।
তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত দেৰগাঁও আৰক্ষী থানাই ঘিলাধাৰী আৰক্ষী থানাক ৪-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে।
উদ্ধোধনী খেলত বোকাখাত মহকুমাৰ মহকুমাধিপতি নেহা যাদৱ, মহকুমা আৰক্ষী বিষয়া অনিতা হাজৰিকা, সদৌ অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু ৰাজখোৱাকে ধৰি অঞ্চলটোৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
আৰক্ষী আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লগতে আৰক্ষী থানাসমূহৰ এলেকাৰ ভাল খেলুৱৈসকলক নিৰ্বাচিত কৰি এখন খেলপথাৰ দিয়া বাবে অসম আৰক্ষীয়ে লোৱা পদক্ষেপক সচেতন ৰাইজে শলাগ লৈছে।
লগতে পঢ়ক – ইছৰোৰ ইতিহাস সৃষ্টি কৰি নতুন ৰকেট SSLV উৎক্ষেপণ