গুৱাহাটী: শুকুৰবাৰে গুৱাহাটীৰ আৰক্ষী নতুন আয়ুক্ত হিচাপে আই পি এছ বিষয়া দিগন্ত বৰাই দায়িত্বভাৰ গ্ৰহণ কৰে। বৰা ইয়াৰ পূৰ্বে ৰাজ্যৰ গৃহ আয়ুক্তৰ দায়িত্বত আছিল।

যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তকে ধৰি আৰক্ষী বিষয়াসকলৰ উপস্থিতিত আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত দিগন্ত বৰাই বিদায়ী আয়ুক্ত হৰমিত সিঙৰ পৰা নতুন দায়িত্বভাৰ চমজাই লয়।

সংবাদ মাধ্যমৰ আগত দায়িত্ব গ্রহণ কৰি আয়ুক্ত বৰাই মহানগৰৰ আয়ুক্ত হিচাপে চৰকাৰে তেওঁৰ ওপৰত গুৰু দায়িত্ব অৰ্পণ কৰিছে বুলি উল্লেখ কৰি কয় যে মহানগৰীৰ ৰাইজ যাতে সুৰক্ষিত হৈ থাকে তাৰ বাবে তেওঁ কাম কৰি যাব।

ইয়াৰ পূৰ্বেও গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্তৰ দায়িত্বত থকা নৱনিযুক্ত আৰক্ষী আয়ুক্ত বৰাই কয় যে মহানগৰবাসীয়ে যাতে সুৰক্ষিত হৈ থাকে আৰু আৰক্ষীয়ে অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ যাতে সক্ষম হয় তাৰ বাবে যত্ন কৰিব।

লগতে পঢ়ক – লামডিঙত ২ কোটি টকাৰ গাঞ্জা জব্দ, আটক মহিলাসহ ৪ জন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply