নলবাৰী : অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী। ৰাজ্যৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, অসমৰ শেহতীয়া বানত ক্ষতিগ্রস্ত ৰাইজৰ পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা আৰু বৃহৎ নদীবান্ধ বন্ধ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্রীয় সমিতিৰ আহ্বান মৰ্মে নলবাৰী জিলা সমিতিয়ে নলবাৰী চহৰত অৱস্থিত মূখ্য কাৰ্যালয়ত ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। অসমৰ বানপানী আৰু গৰাখহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ লগতে অন্যান্য দাবী সন্নিৱিষ্ট কৰি প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰয়ো প্ৰেৰণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।

লগতে পঢ়ক –  আলফা (স্বাধীন) আৰু সেনাৰ মাজত প্ৰচণ্ড গুলীয়াগুলী

প্ৰতিবাদকাৰী সকলে বৃহৎ নদীবান্ধ বন্ধ কৰক, বানত ক্ষতিগ্ৰস্থ ৰাইজক পুনৰ সংস্থাপন দিব লাগিবই, বানপানী আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষনা কৰক আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। উক্ত কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্রীয় সমিতিৰ শিক্ষা সম্পাদক মৃনাল কুমাৰ বৰ্মন, কেন্দ্রীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য নগেন শালৈৰ লগতে নলবাৰী সমিতিত কেইবাজনো সদস্য উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply